গোলাঘাট আৰক্ষীৰ সাফল্য : থ্ৰী নট থ্ৰী ৰাইফলৰ সৈতে দুই দুৰ্ধৰ্ষ চোৰাংচিকাৰী গ্ৰেপ্তাৰ

Poacher arrested at Golaghat

গোলাঘাট আৰক্ষীয়ে এক গোপন সুত্ৰৰ আধাৰত কালি অৰ্থাৎ ৩০ মে’ৰ নিশা চলোৱা অভিযানৰ শেষত আজি পুৱতি নিশা ফৰকাটিঙৰ ৰে’লৱে প্লেটফৰ্মৰ পৰা দুজন দুৰ্ধৰ্ষ চোৰাংচিকাৰী কৰায়ত্ব কৰে।

কাজিৰঙাত গঁড় হত্যাৰ বাবে অহা এই চোৰাংচিকাৰী দুজনক মণিপুৰৰ চোৰাচান্দপুৰৰ এন থাউ আৰু বোকাখাতৰ তামুলী পথাৰৰ শৰৎ শইকীয়া বুলি চিনাক্ত কৰা হৈছে।

দুয়োজন চোৰাংচিকাৰীয়ে কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা কৰাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰাৰ উপৰিও শৰৎ শইকীয়াই তামুলীপথাৰত থকা তেওঁৰ ঘৰৰ বাৰীত পুতি থোৱা এটা থ্ৰী নট থ্ৰী ৰাইফল আৰু ঘৰৰ চিলিংত লুকুৱাই থোৱা ২৪ জাঁই সক্ৰিয় গুলী আৰক্ষীক উলিয়াই দিয়ে ৷

উল্লেখযোগ্য যে কাজিৰঙাৰ একাধিক গঁড় হত্যাৰ সৈতে জড়িত আৰু গঁড় হত্যাৰ অপৰাধত একাধিক বাৰ জেল হাজোতলৈও যোৱা দুৰ্ধৰ্ষ চোৰাংচিকাৰী শৰৎ শইকীয়াৰ নেতৃত্বত এটা দল কাজিৰঙাত গঁড় হত্যাৰ বাবে সাজু হৈ আছিল বুলি জানিবলৈ দি গোলাঘাট আৰক্ষীৰ এক সূত্ৰই কয় যে এই উদ্দেশ্যে লোকজনে মণিপুৰৰ পৰা এন থাউক মাতি আনিছিল।

 

মঙ্গলবাৰৰ নিশাই দলটোৱে কাজিৰঙাত প্ৰবেশৰ চেষ্টা চলাইছিল যদিও আৰক্ষী আৰু বন বিভাগৰ অভিযানৰ বাবে চেষ্টা বাদ দি ওভতি যাবৰ বাবে ফৰকাটিং ৰেল ষ্টেচন পাওঁতেই গোলাঘাট আৰক্ষীৰ অভিযানকাৰী দলটোয়ে চোৰাংচিকাৰীৰ দলটোৰ সদস্য দুজনক কৰায়ত্ব কৰে।

আনহাতে মণিপুৰৰ চোৰাংচিকাৰী এন থাউ পূৰ্বতেও কাজিৰঙাত গড়ঁ হত্যাৰ সৈতে জড়িত বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ। গোলাঘাট আৰক্ষীয়ে কাজিৰঙাৰ বন কৰ্মীৰ সহযোগত দুদিন ধৰি চলোৱা এই সফল অভিযানৰ বাবেই কাজিৰঙাৰ গঁড় নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰে বুলি স্থানীয় একাংশ লোকে মত প্ৰকাশ কৰে।