গোৱালপাৰা ছায়েন্স একাডেমিৰ প্ৰশ্নকাকত ফাদিলৰ লগত জড়িতক শাস্তি প্ৰদানৰ দাবীত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

goalpara protest

গোৱালপাৰাৰ ছায়েন্স একাডেমিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত নামিল শ শ ছাত্ৰ-ছাত্ৰী। প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ লগত জড়িত থকা দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত শিক্ষাৰ্থীৰ দলটোৱে গোৱালপাৰা জিলাৰ উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা পোহৰলৈ অহাৰ পাছতে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি ছায়েন্স একাডেমিখনৰ স্বীকৃতি বাতিল কৰিছিল। লগতে শিক্ষা সংসদে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত তদন্ত সমিতি গঠন কৰি প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্ত কৰিছিল।

লক্ষ্যণীয়ভাৱে তদন্তৰ অন্তত তদন্ত সমিতিয়ে দাখিল কৰা ৩৫ পৃষ্ঠাজোৰা প্ৰতিবেদনত স্পষ্ট হৈ পৰিছিল প্ৰশ্নকাকত ফাদিল কৰাৰ ঘটনা। ইয়াৰ পিছতো কিয় আজি পৰ্যন্ত দোষীক শাস্তি প্ৰদান কৰা নাই তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিবাদকাৰীক নেতৃত্ব দিয়া সংগঠন ছাত্ৰ মুক্তিয়ে।

আনহাতে গোৱালপাৰা চহৰৰ মাজেৰে সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে চৰকাৰৰ শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে নানা শ্লোগান দিয়াৰ লগতে প্ৰশ্নকাকত ছিণ্ডিকেট চক্ৰ উৎখাত কৰা আৰু শ্ৰেণী অনুপাতে টেট শিক্ষক নিযুক্তি প্ৰদানৰো দাবী তোলে।