গৌৰীশংকৰ ভট্টাচার্য সোঁৱৰণি শ্রেষ্ঠ বিধায়কৰ সন্মান প্রদান কৰিব অসম সাহিত্য সভাই

Assam-sahitya-sabha

প্ৰতিনিধিত্বমূলক ছবি

অসম সাহিত্য সভাই ৰাজ্যৰ প্রগতিশীল জাতীয়তাবাদী নেতা গৌৰী শংকৰ ভট্টাচার্যৰ সোঁৱৰণত প্রত্যেক বর্ষতে একোজন বিধায়কক শ্রেষ্ঠ বিধায়কৰ সন্মানেৰে সন্মানিত কৰিব। এই কথা ঘােষণা কৰে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

অসম সাহিত্য সভাৰ গুৱাহাটীস্থ কার্যালয়ত কালি সর্বেশ্বৰ শৰ্মা কটকী অভিলেখাগাৰ আৰু চন্দ্রমােহন-অৰুণপ্রভা সোঁৱৰণি গ্রন্থ বিপণি উন্মােচনী অনুষ্ঠানত ৰাজবংশীয়ে এই কথা সদৰী কৰে।

অভিলেখাগাৰ আৰু গ্রন্থ বিপণি আনুষ্ঠানিকভাৱে উন্মােচন কৰি ভট্টাচার্যই ‘অসমৰ জাতীয় জীৱন সমৃদ্ধ তথা শক্তিশালী কৰিবলৈ হ’লে অতীতৰ ঐতিহ্য আৰু কীর্তিৰ সংৰক্ষণ অতীব প্রয়ােজন’ বুলি মন্তব্য কৰে।

সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হােৱা উক্ত উন্মােচনী সভাত শিক্ষা মন্ত্রী গৰাকীয়ে অভিলেখাগাৰটোত সাহিত্যৰথীৰ বাঁহী আলােচনী ছপা কৰা ছপাশাল, অভিলেখাগাৰটোৰ প্রতিষ্ঠাপক প্রধান সম্পাদক শৰৎচন্দ্র গােস্বামীৰ চকী-মেজ সুন্দৰকৈ সজাই ৰখা কার্যক প্রশংসা কৰে।

সভাৰ গুৱাহাটী কার্যালয়ৰ সম্পাদক ড০ সঞ্জীৱ কুমাৰ শৰ্মাই আঁত ধৰা সভাখনত আদৰণি ভাষণ পাঠ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখােৱাই। ইয়াৰ আগতে সভাপতি পৰমানন্দ ৰাজবংশী আৰু প্রধান সম্পাদক পদুম ৰাজখােৱাই পােন প্ৰথমবাৰৰ বাবে সাহিত্য সভাৰ কার্যালয়লৈ অহা শিক্ষামন্ত্রীগৰাকীক গামোছা, পাটৰ চেলেং, শৰাই আৰু জাপিৰে সম্বর্ধনা জ্ঞাপন কৰিছিল।

প্রত্নতাত্ত্বিক সর্বেশ্বৰ শৰ্মা কটকীৰ সুযােগ্য পুত্র ড০ তাৰকেশ্বৰ কটকী, চন্দ্ৰ প্ৰকাশৰ স্বত্বাধিকাৰী তথা চন্দ্রমােহন শৰ্মাৰ পুত্ৰত্রয় ৰাজেন্দ্রমােহন শর্মা, ডা০ ৰবীন্দ্র মােহন শর্মা, শৈলেন্দ্রমােহন শৰ্মাৰ উপৰিও কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি মৃণালিনী দেৱীকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।