গৌৰীসাগৰ আৰু জাঁজি এলেকাত দিন দুপৰতে দুৱাৰ ভাঙি ধন অলংকাৰ লুট অচিনাক্ত দুৰ্বৃত্তৰ

gauripur ps site copy

আজি গৌৰীসাগৰ আৰু জাঁজি এলেকাৰ পৰা কোনো অচিনাক্ত দুৰ্বৃত্তই নগদ ধন আৰু অলংকাৰ লুটি লৈ যায়। প্ৰথম ঘটনাটো সংঘটিত হয় মিটং দলঙৰ কাষৰ গৌৰাসাগৰত, যি গৌৰীসাগৰ আৰক্ষী থানাৰ পৰা মাথোঁ ১ কি:মি: নিলগত অৱস্থিত। দুৰ্বৃত্তই গৌৰীসাহৰৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী সঞ্জীৱ (জানটি) ৰাজকোঁৱৰ নামৰ লোকজনৰ ঘৰৰ মূল দুৱাৰখন ভাঙি ঘৰত প্ৰৱেশ কৰি গডৰেজ আলমাৰিটো ভাঙি নগদ ৪০,২২০ টকা লুট কৰে। এই ধনখিনি তেওঁ বয়বস্তু কিনাৰ বাবে ৰাখিছিল।সঞ্জীৱ ৰাজকোঁৱৰৰ মাক দীপালী ৰাজকোঁৱৰৰে ঘৰৰ দুৱাৰত তলা মাৰি চুবুৰীয়াৰ ঘৰলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই এই কাম কৰে।

আনটো ঘটনা সংঘটিত হয় গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত জাঁজি লেফেৰা গাঁওত।এই গাঁওত গুণাৰাম বৰুৱা নামৰ লোকজনৰ মূল দুৱাৰখন ভাঙি তেওঁৰ পত্নীৰ সোণৰ গহনাখিনি লুট কৰি লৈ যায়।এই গহনাখিনিৰ মূল্য প্ৰায় ৩ লাখ টকা বুলি গুণাৰাম বৰুৱাই জনাইছে।

এইবাৰৰ ঘটনাটোও ঘৰত কোনো নথকাৰ সুযোগ লৈ সংঘটিত কৰে। দুয়োটা পৰিয়ালে আছুতীয়াকৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা বিভাগীয় তদন্ত আৰম্ভ কৰিছে। দিন দুপৰতে এলেকাটোত চুৰি কাৰ্য সংঘটিত হোৱাটো বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণে নিৰাপত্তাহীনতাত ভুগিছে। ৰাইজে দুষ্কৃতিকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাটো বিচাৰিছে।