গ্ৰীষ্মৰ দহনৰ পৰা নিশ্চিত সকাহ বিচাৰি ভ্ৰমণ কৰিবলগীয়া পাঁচখন পাহাৰীয়া পৰ্যটনস্থলীৰ ভিতৰত আছে উত্তৰ-পূৰ্বাঞ্চলৰ দুই ৰাজ্যৰ ৰাজধানী চহৰ শ্বিলং আৰু গেংটক। নিউজ পৰ্টেল ‘দ্য কুইন্ট’ এ মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙক গৰমকালি শীতল পৰিৱেশৰ আটাইতকৈ জনপ্ৰিয় পাহাৰীয়া কেন্দ্ৰ হিচাপে স্থান দিছে।
নিউজ পৰ্টেলটোৰ মতে শ্বিলং উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ধুনীয়া পাহাৰীয়া পৰ্যটন কেন্দ্ৰ আৰু তালিকাত স্থান লাভ কৰাৰ বাবে নিশ্চিতভাৱে যোগ্য। ই লগতে আঙুলিয়াই দিয়ে যে শ্বিলঙত কেইবাটাও আকৰ্ষণৰ কেন্দ্ৰ আছে যাৰ ভিতৰত এলিফেন্ট ৱাটাৰফল্ছ, মাওলাইনং ভিলেজ, ৱাৰ্ডছ লেক অন্যতম।
‘’জলবায়ু প্ৰায়েই ঠাণ্ডা, মোহনীয় নৈসৰ্গিক শোভা আৰু স্থানীয় সংস্কৃতিৰ আকৰ্ষণে আপোনাক এটা ভাল সময় কটোৱাৰ সুযোগ দিব,’’-নিউজ পৰ্টেলটোৱে এইদৰে উল্লেখ কৰাৰ লগতে উনুকিয়াই দিয়ে যে বজাৰ কৰাৰ চখ থকা সকলে নিশ্চয়কৈ এবাৰ পুলিচ বজাৰ ভ্ৰমণ কৰিব। ‘’স্থানীয় শিল্প বিক্ৰতাসকলে আপোনাৰ পৰা অধিক ধন বিচাৰিব পাৰে যদিও আপুনি দৰ-দাম কৰিবলৈ নাপাহৰিব আৰু নিশ্চিতভাৱে দৰ-দাম কৰিবই,’’-দ্য কুইন্টে এইদৰে পৰামৰ্শ দিছে।
গৰমৰ দিনত ভ্ৰমণ কৰিবলগীয়া দেশৰ শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত ছিকিমৰ ৰাজধানী গেংটকে চতুৰ্থ স্থান লাভ কৰিছে।
নিউজ পৰ্টেলটোৰ মতে গেংটকত ছুটী কটোৱাৰ সময়ত সুদৃশ্য জলপ্ৰপাত, পাহাৰচূড়াত থকা আকৰ্ষণীয় হোটেলবোৰ আৰু নিৰ্জন বিস্তীৰ্ণ হ্ৰদবোৰে পৰ্যটকক প্ৰকৃতিৰ নিকট সান্নিধ্যলৈ আমন্ত্ৰণ কৰে।
প্ৰকৃতিৰ মাজত ‘য়াক ছাফাৰী’কে ধৰি ইয়াৰ স্থানীয় খাদ্যৰ সোৱাদ ল’বলৈও ই পৰামৰ্শ আগবঢ়াইছে।
শ্বিলং আৰু গেংটকৰ বাহিৰে পৰ্টেলটোৱে বাচি উলিওৱা পাহাৰীয়া পৰ্যটন কেন্দ্ৰ কেইটা হ’ল- উত্তৰাখণ্ডৰ নাইনিতাল,হিমাচল প্ৰদেশৰ কছৌলী আৰু তামিলনাডুৰ কুন্নুৰ।