ঘৰ জোঁৱাই হ’বলৈ জোৰ দিয়াটো এক নিষ্ঠুৰতা – উচ্চ ন্যায়ালয়
ভাৰতীয় প্ৰথা অনুসৰি বিয়াৰ পিছত মহিলাসকলে স্বামীৰ ঘৰত থাকে। যদিও আজি বহু লোক কৰ্মসূত্ৰে পৰিয়ালৰ পৰা আঁতৰত থাকে, তথাপিও বহুদিনৰ পৰাই এই নিয়ম চলি আহিছে। কিন্তু এই প্ৰথাৰ বাহিৰতো পত্নীৰ ঘৰতো কেতিয়াবা পুৰুষক থকা দেখা যায়। পত্নীৰ ঘৰত থকা পুৰুষ সকলক ঘৰ জোঁৱাই বুলি কোৱা হয়।
কিন্তু কোনো পুৰুষক পত্নীৰ পৰিয়ালৰ সৈতে থাকিবলৈ বাধ্য কৰিব নোৱাৰি, এজন পুৰুষক পত্নীৰ ঘৰত থাকিবলৈ বাধ্য কৰাটো নিষ্ঠুৰতাৰ সমান বুলি দিল্লী উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰে। এটা বিবাহ বিচ্ছেদৰ গোচৰত আদালতে এই পৰ্যবেক্ষণ কৰিছে।
ইয়াৰ পূৰ্বে এই গোচৰত নিম্ন আদালতে বিচ্ছেদৰ বাবে সন্মতি দিয়া নাছিল। অৱশ্যে ন্যায়াধীশ সুৰেশ কুমাৰ কাইট আৰু ন্যায়াধীশ নীনা বংশাল কৃষ্ণৰ বিচাৰপীঠে ৰায়দান বাতিল কৰি বিচ্ছেদৰ অনুমতি দিয়ে।
দাবীদাৰে দাবী কৰে যে তেওঁ ২০০১ চনত বিয়া হৈছিল। বিয়াৰ ৬ মাহ পিছত তেওঁৰ পত্নী গৰ্ভৱতী অৱস্থাত দিল্লীত থকা পিতৃৰ ঘৰলৈ যায়। ইয়াৰ পিছতে লোকজনে দিল্লীলৈ গৈ শহুৰেকৰ ঘৰৰ পৰা পত্নীক আনিবলৈ যায় যদিও পত্নীয়ে ঘূৰি আহিবলৈ অস্বীকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
পত্নী নিজে ঘূৰি অহাৰ বিপৰীতে স্বামীক ঘৰ জোঁৱাই হৈ থকাৰ বাবে হেঁচা প্ৰদান কৰে আৰু নিজৰ পিতৃ-মাতৃ এৰি তেওঁ শহুৰেকৰ ঘৰতেই থাকিবলৈ লয়। কিন্তু শহুৰেকৰ ঘৰত থাকিবলৈ অমান্তি হোৱা ব্যক্তিজনে বিবাহ বিচ্ছেদৰ গোচৰ তৰে। ইয়াৰ পিছতেই আজি উচ্চ ন্যায়ালয়ে এই পৰ্যবেক্ষণ কৰি বিবাহ বিচ্ছেদৰ অনুমতি প্ৰদান কৰে।