ৰাজ্যৰ ক্ৰীড়া পেঞ্চনাৰৰ লগতে ক্ৰীড়াবিদসকলে লাভ কৰিব এক সুখবৰ। ক্ৰীড়া পেঞ্চনাৰৰ মৃত্যুৰ পাছতো পৰিয়ালৰ লোকে লাভ কৰিব পৰিয়াল পেঞ্চন। ইয়াৰ উপৰি ক্ৰীড়াবিদসকলে ৰাজ্য চৰকাৰে প্ৰদান কৰা পেঞ্চন লাভ কৰিবলৈ অপেক্ষা কৰিব নালাগে ৬০ বছৰলৈ। চল্লিছ বছৰ সম্পূৰ্ণ কৰাৰ পাছতে লাভ কৰিব ক্ৰীড়া পেঞ্চন। শুকুৰবাৰে ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমৰ এটা সঁজাতী দলে এই সম্পৰ্কত ক্ৰীড়া মন্ত্ৰী নৱ দলেক এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে এক আলোচনাত মিলিত হয়।
স্মাৰক পত্ৰ প্ৰদান কৰি সাংবাদিক কল্যাণ সন্থাৰ অসমৰ উপ সভাপতি পুলিন সাহা, কাৰ্যকৰী সভাপতি পবিত্ৰ গগৈ আৰু সাধাৰণ সম্পাদক হিলদুল গগৈৰ নেতৃত্বত যোৱা সঁজাতী দলটোৱে ক্ৰীড়া সচিব সাধনা হোজাই, ক্ৰীড়া সঞ্চালক পবিত্ৰ ৰাম খাউণ্ডৰ উপস্থিতিত কৰা আলোচনাত ক্ৰীড়া পেঞ্চনাৰ, অৱসৰপ্ৰাপ্ত ক্ৰীড়াবিদৰ সমস্যা আৰু ক্ৰীড়া সাংবাদিকৰ বাবে চৰকাৰী পুঁজি গঠনৰ বাবে দাবী উত্থাপন কৰে।
উল্লেখ্য যে অন্য পেঞ্চনাৰসকলৰ পৰিয়ালৰ লোকে পেঞ্চনাৰগৰাকীৰ মৃত্যুৰ পাছতো পৰিয়াল পেঞ্চন লাভ কৰে কিন্তু ক্ৰীড়া পেঞ্চনাৰসকলক এনে সুবিধা প্ৰদান নকৰাত পৰিয়ালৰ লোকে কষ্টকৰ জীৱন অতিবাহিত কৰিবলগীয়া হয়। এই গুৰুত্বপূৰ্ণ দিশ সমূহ ক্ৰীড়া মন্ত্ৰী দলেক অৱগত কৰায় এই ক্ষেত্ৰত শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সন্থাই আহ্বান জনায়।
উল্লেখণীয় যে সকলো শ্ৰেণীৰ খেলুৱৈয়ে প্ৰায় ৩৫-৪০ বছৰৰ ভিতৰত অৱসৰ গ্ৰহণ কৰে। কিন্তু এই খেলুৱৈসকলে পেঞ্চনৰ বাবে অপেক্ষা কৰিব লগা হয় ৬০ বছৰলৈকে । যাৰ ফলত ক্ৰীড়াবিদসকলে প্ৰায় ২০ বছৰ কটাবলগীয়া হয় দুৰ্বিষহ জীৱন। সেয়ে সাংবাদিক সন্থাই ক্ৰীড়া পেওঞ্চনৰ প্ৰদানৰ বয়স ৪০ বছৰলৈ হ্ৰাস কৰাৰ বাবে চৰকাৰৰ ক্ৰীড়া বিভাগক আহ্বান জনায়।
আনহাতে, অসমত সম্ভাৱণীয়তা ক্ৰীড়া ইভেণ্টসমূহৰ পৃষ্ঠপোষকতাৰ দায়িত্ব তেল খণ্ডৰ লগতে অন্যান্য কৰ্পৰেট গোষ্ঠীয়ে যাতে ল’বলৈ যাতে বাধ্য হয় তাৰ ব্যৱস্থাও চৰাকৰক কাৰ্যকৰী কৰিবলৈ দাবী জনায় সন্থাই।
ইফালে পেছা হিচাপে গ্ৰহণ কৰা ক্ৰীড়া সাংবাদিকসকলৰ জীৱন আৰু সমস্যাৰ নিৰাপত্তাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে এক কল্যাণ পুঁজিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও আহ্বান জনায়।