চামগুৰিৰ ডিজু নৈত অৰ্ধ গলিত অচিনাক্ত মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ শালনা আৰক্ষী চকীৰ অন্তৰ্গত ডিজু নৈত দেওবাৰে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে দেওবাৰে নিশা প্ৰায় ৯ বজাত শালনাৰ বৰঘাটৰ পাঁচ নম্বৰ লাইনৰ মাজেৰে পাৰ হৈ যোৱা ডিজু নৈত স্থানীয়লোক এটা মৃতদেহ ওপঙি থকা দেখা পাই সন্ধিয়া শালনা আৰক্ষীক খবৰ দিয়ে।

পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় তিনি ঘণ্টা সময় ধৰি উদ্ধাৰ অভিযান চলাই অৰ্ধ গলিত উলংগ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আনহাতে শালনা আৰক্ষীয়ে কোনো দুষ্কৃতিকাৰীয়ে এই প্ৰায় ৪০ বছৰীয়া ব্যক্তিজনক ৯-১০ দিনৰ আগতে হত্যা কৰি নদীত পেলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো চিনাক্তকৰণ কৰিব নোৱাৰাত নগাঁও অসামৰিক চিকিৎসালয়তে মৃতদেহ ৰখাৰ ব্যৱস্থা কৰিছে বুলি আৰক্ষীয়ে জানিব দিয়ে।