ঢেকিয়াজুলিৰ চাহৰ দোকানত এন আৰ চিৰ নথি : বিৰোধী দলপতিৰ তদন্ত দাবী

এন আৰ চি

ঢেকিয়াজুলিৰ চাহৰ দোকানত এন আৰ চিৰ নথি-পত্ৰত মিঠাই পৰিৱেশন কৰা দৃশ্য সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক ঘটনাটো তদন্ত কৰি দোষী বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ প্ৰেৰণ কৰা এখন পত্ৰত শইকীয়াই উল্লেখ কৰিছে যে এন আৰ চিৰ নথি-পত্ৰ দায়িত্বজ্ঞানহীনভাৱে অদৰকাৰী কাগজৰ দৰে পেলাই দিয়াটো নিশ্চিত হৈছে আৰু এনে কাণ্ডই গোটেই প্ৰক্ৰিয়াটোকে সন্দেহৰ আওতালৈ আনিছে।

বিৰোধী দলপতিগৰাকীয়ে লগতে পত্ৰখনত উল্লেখ কৰিছে যে বান পৰিস্থিতিৰ বাবে এন আৰ চিৰ চূড়ান্ত খচৰা ৩০ জুনত প্ৰকাশ নাপাই বুলি হাজেলাই মন্তব্য কৰিছে যদিও বানপীড়িত ৫ খন জিলাক বাদ দি বাকী জিলাকেইখনৰ খচৰা প্ৰকাশ কৰিব লাগিছিল।তেওঁ লগতে লিখিছে যে ৫ খন জিলাৰ বাবে বাকী ২৮ খন জিলাৰ তথ্য প্ৰকাশ কৰাত বিলম্বৰ কোনো যুক্তি নাই।

শইকীয়াই ৰাজ্যৰ বিভিন্ন ডিটেনশ্যন কেম্পত থকা ডি-ভোটাৰ আৰু এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰা লোকসকলক আবেদন প্ৰক্ৰিয়াৰ সময়ত আইনী সাহায্যকে আদি কৰি যাবতীয় সা-সুবিধা প্ৰদান কৰিবলৈ ৰাষ্ট্ৰীয় আইন প্ৰাধিকৰণৰ সচিব আলোক আগৰৱালাক অনুৰোধ জনাইছে।