NORTHEAST NOW (Assamese)

চিৰাঙত বনবিভাগৰ সুৰক্ষাকৰ্মীয়ে ঘৰৰ পৰা উঠাই নিয়া যুৱকৰ ৰহস্যজনক মৃত্যু

May 6, 2018 10:54 pm · তেজেছ ত্ৰিপাঠী

চিৰাং জিলাৰ বন বিভাগৰ এটা পানবাৰীত থকা ৰেঞ্জ অফিচৰ জিম্মাত নিখিল মণ্ডল নামৰ (৩২)বিবাহিত আৰু ৪ বছৰীয়া এটা সন্তান থকা এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি আজি স্থানীয় লোকে বন বিভাগৰ কাৰ্য্যালয়টোৰ সন্মুখত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে।

ঘটনাৰ বিৱৰণি মতে, বন বিভাগে ৫ মে’ৰ পুৱা ৯-৩০ বজাত জিলাখনৰ বিষ্ণুপুৰ নামৰ ঠাইখনৰ এজন ক্ষুদ্ৰ ব্যৱসায়ী নিখিল মণ্ডলক কাঠৰ চোৰাং কাৰবাৰত জড়িত থকাৰ অভিযোগত তেওঁৰ ঘৰৰ পৰা হঠাতে আটক কৰি লৈ যায়।

পৰিয়ালে কৰা অভিযোগমতে, পিছত সিদিনাই বন বিভাগৰ কাৰ্য্যালয়টোলৈ যোৱা পৰিয়ালৰ লোকক বন বিভাগৰ লোকে নিখিলৰ মুক্তিৰ বিনিময়ত ৫ লাখ টকা দাবী কৰে। উপায়হীন হৈ পৰিয়ালৰ লোকে অ’ৰ-ত’ৰ পৰা ১ লাখ টকা যোগাৰ কৰি পুনৰ বন বিভাগৰ কাৰ্য্যালয়টোলৈ যায়। কিন্তু বন বিভাগৰ কৰ্মী-বিষয়াই সেইখিনি ল’বলৈ অস্বীকাৰ কৰাৰ লগতে নিখিলক এৰি দিবলৈও অস্বীকাৰ কৰে। আৰু পৰিয়ালৰ লোকসকলক পিছদিনা পুৱা আহিবলৈ কয়।

কিন্তু আজি নিচেই পুৱাতেই পানবাৰী আৰক্ষী থানাৰ পৰা আৰক্ষীৰ এখন গাড়ী আহি নিখিলৰ ঘৰৰ পৰা তেওঁৰ দুজন ভাই-ককায়েকক উঠাই লৈ উক্ত বন বিভাগৰ কাৰ্য্যালয়টোলৈ লৈ যায়। তাৰ পিছত নিখিলৰ মৃতদেহটোৰ সৈতে তেওঁলোকক ৪৪ কিলোমিটাৰ দূৰত থকা কাজলগাওঁ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ঘটনাটোৰ বিষয়ে জানিব পাৰি নিখিলৰ গাৱঁৰ স্থানীয় লোকসকল উক্ত বন বিভাগৰ কাৰ্য্যালয়টোৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদত উত্তাল কৰি তোলে। উত্তেজিত লোকসকলে নিখিলৰ হত্যাকাৰী বন বিভাগৰ বিষয়া-কৰ্মীসকলৰ শাস্তি দাবী কৰে।

 

ঘটনাটোৰ সন্দৰ্ভত চিৰাং জিলাৰ আৰক্ষী অধীক্ষকক যোগাযোগ কৰাত কয়, “ঘটনাটো আত্মহত্যাৰ নে হত্যা সেইটো নিশ্চিত কৰিব তদন্তৰ জৰিয়তেহে পৰা হ’ব।”

আনহাতে নিখিলৰ পৰিয়ালৰ লোকসকলে অভিযোগ কৰিছে যে বন বিভাগৰ কৰ্মী-বিষয়াই চৰম অত্যাচাৰ কৰা বাবেই নিখিলৰ মৃত্যু হৈছে। নিখিল কোনো চোৰাং কাঠৰ কাৰবাৰত জড়িত নাই বুলিও পৰিয়ালৰ লোকে দাবী কৰিছে।

উল্লেখযোগ্য যে ক্ষুদ্ৰ ব্যৱসায়ী নিখিল মণ্ডলে পত্নী, এটি ৪ বছৰীয়া পুত্ৰৰ লগতে ৫জন ককাই-ভাই আৰু মাকক এৰি থৈ গৈছে।

শেহতীয়া বাতৰি মতে, আজি নিখিলৰ পৰিয়ালে পানবাৰী আৰক্ষী চকীত এই সন্দৰ্ভত এটা গোচৰ দিছে।

Related News