চিৰাঙৰ ভাৰত-ভূটান সীমান্তত এন ডি এফ বি(সং)ৰ দুজন সদস্যক আটক

ndfb-2

প্ৰতিনিধিত্বমূলক চিত্ৰ

যোৱা কেইদিনমানৰ ভিতৰতে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত এন ডি এফ বি (সং) সক্ৰিতা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে সেনা-আৰক্ষীৰ অভিযানো তীব্ৰতৰ হোৱা দেখা গৈছে। অঞ্চলটোত বিগত এপষেকৰ ভিতৰত এন ডি এফ বিৰ একাধিক সদস্যৰ মৃত্যু হৈছে সেনা-আৰক্ষীৰ অভিযানৰ সময়ত। তথাপি সংগঠনটোৰ কেডাৰৰ উপস্থিতি তথা ধন দাবীৰ দৰে ঘটনা হ্ৰাস পোৱা নাই। ফলত ৰাইজৰ মাজত উৎকণ্ঠা-আতংকৰ  অন্ত পৰা নাই। আৰক্ষীয়েও চিৰাং-কোকৰাঝাৰ-ওদালগুৰিৰ বিভিন্ন ঠাইত অব্যাহত ৰাখিছে বিদ্ৰোহী বিৰোধী অভিযান। আজিও চিৰাঙৰ আমগুৰি থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ শিশুবাৰীত আৰক্ষীয়ে অতৰ্কিতে এক অভিযান চলায়। এই অভিযানকালত আৰক্ষীয়ে দুজন এন ডি এফ বি (সং) গোটৰ সদস্যক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা এটা গ্ৰেনেড, এটা এছ এল আৰ, এটা মেগজিন আৰু ৬ জাঁই গুলী উদ্ধাৰ কৰে। আনহাতে ধৃত এন ডি এফ বি (সং) গোটৰ সদস্য দুজন ক্ৰমে খগেন বসুমতাৰী ওৰফে বি খাউৰাং (২৬) আৰু অশোক নাৰ্জাৰী ওৰফে এন এণ্ডউ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। আটকাধীন এন ডি এফ বি (সং) গোটৰ সদস্য দুজনে সংগঠনটোৰ ৪২ নং বেটচৰ হৈ ম্যানমাৰত প্ৰশিক্ষণ লৈ কেইদিনমানৰ পূৰ্বে অসমত প্ৰৱেশ কৰিছিল বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।