চীনৰ সৰ্ববৃহৎ বাণিজ্য মেলা পৰিদর্শন মণিপুৰৰ ব্যৱসায়ী দলৰ

WhatsApp

যোৱা ২ মে’ৰ পৰা ৬ মে’লৈ চলা চীনৰ সৰ্ববৃহৎ বাণিজ্য মেলা হিচাপে খ্যাত ‘কেণ্টন ফেয়াৰ’ পৰিদৰ্শন কৰিলে মণিপুৰৰ এটা ব্যৱসায়ীৰ গোটে। বিজিনেছ এক্সিলেঞ্চ গ্ৰুপ চমুকৈ বিইজিয়ে নিকট ভৱিষ্যতত ব্যৱসায়িক সম্ভাৱনীয়াৰ বিকাশৰ সকলো দিশ খৰচী মাৰি অধ্যয়ন কৰে।

বিশেষকৈ ম’ৰেত ভৱিষ্যতত আৰম্ভ হ’ব পৰা সমন্বিত ব্যৱসায়িক সম্পৰ্কৰ কথা আগত ৰাখিয়েই মণিপুৰৰ ব্যৱসায়ীৰ গোটটোৱে চীনৰ বাণিজ্য মেলাখন পৰিদৰ্শন কৰা বুলি প্ৰকাশ কৰিছে সংবাদ প্ৰতিষ্ঠানে।

এই ভ্ৰমণৰ সময়ছোৱাতে চীনৰ সৈতে মণিপুৰৰ ভৌগলিক, জলবায়ুৰ সাদৃশ্যৰ প্ৰসংগৰ কথা উল্লেখ কৰি বিভিন্ন ব্যৱসায়িক সম্ভাৱনীয়তাৰ কথা আলোচনা কৰা হয়।আনহাতে কিদৰে উক্ত সম্ভাৱনীয়তাক বিকাশৰ এক নতুন পৰ্যায়লৈ নিব পৰা হয় সেই সন্দৰ্ভতো আলোচনাত মিলিত হয় মণিপুৰৰ ব্যৱসায়িক গোটটোৱে।

উল্লেখযোগ্য যে মণিপুৰৰ পৰা যোৱা বিইজিৰ দলটোত আছিল ড০ ইব’মচা থ’কচম(এডভান্সড হস্পিতাল), হিৰো থ’কচম(ইব’য়াইমা হস্পিতাল), ড০ ৰাধ্যশ্যাম অইনাম(নেটৱৰ্ক ছাৰ্ভিছ) আৰু খ’মো ডব্লিঅ’(ছানামাহী মটৰছ)।

মণিপুৰৰ ব্যৱসায়ী গোটটোৱে কৰা এই ভ্ৰমণৰ জৰিয়তে ৰাজ্যখনৰ ঔদ্যোগিক ক্ষেত্ৰখনলৈ পৰিৱৰ্তন আহিব বুলি আশা কৰা হৈছে।

অৱশ্যে এই ভ্ৰমণ কালত কিবা চুক্তি স্বাক্ষৰ হৈছে নে নাই সেই সন্দৰ্ভত কোনো তথ্য জানিব পৰা হোৱা নাই।