চেলছিৰ প্ৰাক্তন প্ৰশিক্ষক অভৰাম গ্ৰাণ্টে গ্ৰহণ কৰিলে নৰ্থ-ইষ্টৰ দায়িত্ব

অভৰাম গ্ৰাণ্ট

ইণ্ডিয়ান ছুপাৰ লীগত শোচনীয় প্ৰদৰ্শণৰ ধাৰাবাহিকতা বজাই ৰখা নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাৱৰ প্ৰশিক্ষক জোৱাও ডে দিউছক মেনেজমেণ্টে অপসাৰণ কৰাৰ পিছত দলটোক উদ্ধাৰৰ বাবে আগবাঢ়ি আহিল চেলছিৰ প্ৰাক্তন মেনেজাৰ। নৰ্থ-ইষ্ট দলৰ স্বত্বাধিকাৰী জন আব্ৰাহামৰ দলৰ সংকট অৱস্থাত সহায়ৰ হাত আগবঢ়ালে একালৰ বন্ধু তথা প্ৰাক্তন চেলছি আৰু ঘানা ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক অভৰাম গ্ৰাণ্টে। চলিত চিজনৰ শেষ ভাগলৈ গ্ৰাণ্টেই হ’ব নৰ্থ-ইষ্ট ইউনাইটেডৰ পৰামৰ্শদাতা। অৰ্থাৎ গ্ৰাণ্টে দলটোৰ প্ৰশিক্ষকৰ আঁৰৰ প্ৰশিক্ষক হিচাপে কাম কৰি যাব।

মনকৰিবলগীয়া যে চতুৰ্থ সংস্কৰণত, উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰা নৰ্থ-ইষ্ট ইউনাইটেডে নিজৰ ৭ খন খেলত মাত্ৰ দুটা গ’ল কৰি ১০টা দলৰ তালিকাত ৯ নম্বৰ স্থানত আছে। লক্ষ্যণীয় যে ছিজনৰ আৰম্ভণিতে প্ৰশিক্ষক দিউছৰ নেতৃত্বত সুন্দৰ আৰম্ভণি কৰিলে যদিও ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব নোৱাৰি উপৰ্যপৰি ইখনৰ পিছত সিখন খেলত শোচনীয় পৰাজয় বৰণ কৰিলে। যাৰ পৰিপ্ৰেক্ষিততে ইউনাইটেডৰ মেনেজমেণ্টে প্ৰশিক্ষকজনক কিছুদিন পূৰ্বে অপসাৰণ কৰিবলৈ বাধ্য হৈছিল।

অৱশেষত নৰ্থ-ইষ্ট দলৰ খেলুৱৈ তথা ক্ৰীড়াপ্ৰেমীসকলৰ চিন্তাৰ অৱকাশ ঘটায় মেনেজমেণ্টে নিয়োগ কৰিলে অভৰাম গ্ৰাণ্টক। স্মৰ্তব্য যে লীগৰ বাকী থকা খেলকেইখনত গ্ৰাণ্টৰ অভিজ্ঞতাই নৰ্থ-ইষ্ট দলক কিদৰে আগুৱাই লৈ যায় সেয়া সময়ত লক্ষ্যণীয় হ’ব।