• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চোৰাং কাঠ ব্যবসায়ীৰ সৈতে বন বিষয়াৰ মিতিৰালি : দিহিং-পাতকাই অভয়াৰণ্যৰ কমিছে ঘনত্ব

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
December 19, 2017 7:36 pm
565
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰে মানুহৰ দখলৰ পৰা বনাঞ্চল মুক্ত কৰাৰ চেষ্টা অব্যাহত ৰখাৰ সমান্তৰালভাৱে অসমৰ অৰণ্যাঞ্চলৰ গছ-গছনিক কাঠৰ চোৰাং কাৰবাৰীৰ পৰা সুৰক্ষা দিয়াৰ বাবে কি কৰিছে? এই প্ৰশ্ন উত্থাপিত হয় তেতিয়া, যেতিয়া বন বিষয়াৰ চকুৰ আগতে চোৰাং কাঠৰ ব্যৱসায়ী তথা মাফিয়াজাতীয় লোকে অবৈধভাৱে মূল্যৱান গছ কাটি বন ধ্বংস অব্যাহত ৰাখে। ৰাজ্যখনৰ প্ৰায়বোৰ বনাঞ্চলতে এনেকুৱা কাঠ মাফিয়াৰ ৰাজত্ব চলা তথা বন বিষয়াৰ তেওঁলোকৰ সৈতে মিতিৰালিৰ অভিযোগ আজিৰ নহয়। তিনিচুকীয়া জিলাৰ পৰা দিহিং-পাতকাই বন্যপ্ৰাণী অভয়াৰণ্যতো কাঠ মাফিয়া তথা কাঠৰ চোৰাং কাৰবাৰীয়ে বন বিষয়াৰ সন্মুখতে মূল্যৱান গছ কাটি তাৰ কাঠ অৰুণাচললৈ চালান দি থকাৰ অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপন হৈ আহিছে। কাঠ মাফিয়া তথা চোৰাং কাৰবাৰীৰ উৎপাতত এতিয়া এসময়ত ঘন সেউজীয়া বনাঞ্চল হিচাপে সুনাম থকা অভয়াৰণ্যখনৰ এতিয়া বেছি অংশই পাতল হৈ পৰিছে। হোলোং গছবোৰ চোৰাং কাঠৰ ব্যৱসায়ীসকলৰ প্ৰধান লক্ষ্য হয় বুলি জানিব পৰা গৈছে, কাৰণ ইয়াৰ মূল্য সৰ্বাধিক।

‘অলপতে মাৰ্ঘেৰিটা ৰেঞ্জৰ লেখাজান বীট অফিচৰ অধীনৰ টকৌবাৰী আৰু ৰিয়েলবাৰীৰ পৰা চোৰাং কাৰবাৰীসকলে বহুকেইডাল হোলোং গছ কাটি নিবলৈ লৈছিল। আমি বন বিভাগক কেইবাবাৰো অভিযোগ দিয়াৰ পিছত তেওঁলোকে কাঠবোৰ জব্দ কৰে।’ এজন পৰিৱেশকৰ্মী দেৱজিৎ মৰাণে এন ই নাওক কয়। তেওঁ লগতে অভিযোগ কৰে যে কিছুমান দুৰ্নীতিপৰায়ণ বন বিষয়াৰ কাঠৰ চোৰাং ব্যৱসায়ীৰ সৈতে হাত আছে। ‘আগেয়ে দিহিং-পাতকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ঘন অৰণ্য হিচাপে এটা সুনাম আছিল। কিন্তু এতিয়া সেই অৰণ্য পাতল হৈ পৰিছে।’ মৰাণে কয়। তেওঁ কয় যে কাঠৰ মাফিয়াৰ দলে দিনৰ পোহৰতে অৰণ্যত সোমাই বন ধ্বংসৰ অভিযান চলাই থাকে। তেওঁলোকে প্ৰধানকৈ হোলোং গছকে লক্ষ্য কৰি লয়, কাৰণ এই গছৰ কাঠ অতি মূল্যৱান। আৰু তেওঁলোকৰ প্ৰধান বজাৰ হ’ল অৰুণাচল প্ৰদেশ।

যিসময়ত বনাঞ্চল ৰক্ষাৰ নামত নিৰীহ, খাটিখোৱা মানুহক দয়া-মায়াহীনভাৱে চৰকাৰে উচ্ছেদ কৰিছে, সেই সময়ত চকুৰ আগতে বন ধ্বংস কৰি থকা শক্তিশালী মাফিয়াক নিয়ন্ত্ৰণ কৰাত দেখুওৱা ব্যৰ্থতা বা অনীহা মন কৰিব লগীয়া।

Recent News

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd