মেঘালয়ৰ বিপ্লৱ দে নামৰ ফ্ৰীলান্সাৰ সাংবাদিক এজনক মঙলবাৰে নিশা প্ৰায় ১০.৩০ মান বজাত পশ্চিম খাচি পাহাৰ জিলাৰ কোনো দুৰ্গম অঞ্চলত চোৰাং কাঠ সৰবৰাহকাৰীৰ এটা দলে আক্ৰমণ চলায়। চোৰাং কাৰু কাৰ্যৰ বিষয়ে উমান পায় সাংবাদিকজনে বাতৰি সংগ্ৰহৰ বাবে উক্ত ঠাইলৈ গৈছিল। গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত বিপ্লৱ দেক পিছত আথিয়াবাৰী চকীৰ পৰা উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।
এনে নিকৃষ্ট কাণ্ড সদৌ ৰাভা ছাত্ৰ সন্থাই সংঘটিত কৰা বুলি পিছত জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে মাৰপিটত লিপ্ত তথা চোৰাং সৰবৰাহকাৰী কেইজন পলায়ন কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত বুধবাৰে এটা গোচৰ ৰুজু কৰা হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে সাংবাদিক বিপ্লৱ দেৰ মোবাইল আৰু কেমেৰাটো দুৰ্বৃত্তৰ দলটোৱে কৰায়ত্ত কৰাৰ লগতে ড্ৰাইভাৰ আৰু অন্য এজন লোককো বেয়াকৈ মাৰ ধৰ কৰে।
এনেদৰে সাংবাদিকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাক মেঘালয় বৈদ্যুতিন মাধ্যম সন্থা আৰু শ্বিলং প্ৰেছ ক্লাবে তীব্ৰ গৰিহণা দিছে। আক্ৰমণৰ ঘটনাক তেওঁলোকে নিন্দা কৰাৰ লগতে মৌলিক অধিকাৰ খৰ্ব হোৱা বুলিও ব্যক্ত কৰে।
ঘটনা সন্দৰ্ভত মেঘালয় আৰক্ষীক তৎকালীনভাবে কালপ্ৰীট কেইগৰাকীক চিনাক্ত কৰি উচিত শাস্তি বিহাৰ বাবে অনুৰোধ জনায়। শ্বিলং প্ৰেছ ক্লাবে সাংবাদিকজন সোনকালে সুস্থ হৈ উঠি পুনৰ সাংবাদিকতাৰ দৰে মহান কাৰ্যত ব্ৰতী হ’বলৈ প্ৰাৰ্থনা জনায়।
এনেদৰে চোৰাং কাঠ সৰবৰাহকাৰী তথা ব্যৱসায় চলাই অহাৰ পিছতো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টোৱে বেছ তাৎপৰ্যবহণ কৰিছে।