বিনিয়োগকাৰীক অসমত বিনিয়োগ তথা উদ্যোগ স্থাপন কৰিবলৈ আগ্ৰহী কৰাৰ প্ৰচেষ্টাৰ অংশ স্বৰূপে সম্প্ৰতি দক্ষিণ কোৰিয়া ভ্ৰমণত থকা অসমৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তাৰ ভালেমান উদ্যোগপতিৰ সৈতে মত বিনিময় কৰে। মত বিনিময় অনুষ্ঠানটোত ভাগ লৈ তেওঁ উদ্যোগপতি তথা বিনিয়োগকাৰীসকলক অসমত থকা বিনিয়োগৰ সম্ভাৱনা তথা পৰিৱেশৰ কথা অৱগত কৰে। লগতে বিত্ত মন্ত্ৰীজনে উদ্যোগপতিসকলে যাতে তেওঁলোকৰ প্ৰতিনিধিক অসমত অনুষ্ঠিতব্য Assam Global Investors’ Summit লৈ প্ৰেৰণ কৰে তাৰ বাবে অনুৰোধ জনায়। উল্লেখযোগ্য যে অসমত অহা ফেব্ৰুৱাৰিৰ ৩ আৰু ৪ তাৰিখত দেশী-বিদেশী বিনিয়োগকাৰীৰ এখন সন্মিলন অনুষ্ঠিত হ’ব, য’ত অসমত বিনিয়োগৰ বিষয়ত চৰকাৰ আৰু বিনিয়োগকাৰীৰ মাজত আলোচনা চলিব। এই সন্মিলনলৈ যাতে অধিকৰো অধিক সংখ্যক উদ্যোগপতি তথা বিনিয়োগকাৰীক আনিব পৰা যায় তাৰ বাবে ৰজ্যৰ মুখ্য মন্ত্ৰীকে ধৰি ৰাজ্যৰ মন্ত্ৰী আমোলা দেশী-বিদেশী বিনিয়োগকাৰীক লগ ধৰি আছে। একেই উদ্দেশ্য লৈ দক্ষিণ কোৰিয়াত থকা বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰ এটা টুইটত দক্ষিণ কোৰিয়াক তেওঁলোকৰ উদ্যমিতা তথা শ্ৰমমুখিতাৰ বাবে প্ৰশংসা কৰে। লগতে তেওঁ ভাৰতত ছেমছাং আৰু হুণ্ডাইৰ নাম একেবাৰে ঘৰুৱা নামৰ দৰে হৈ পৰা বুলিও কয়।
ছিউলত অসমৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগপতিৰে মত বিনিময়
-
By NE NOW NEWS
Related Content
পদ্মশ্ৰী বিজয়ীৰ এয়া কি অৱস্থা! হায়দৰাবাদৰ পথত শ্ৰমিক হিচাপে কাম কৰিছে দৰ্শনম মগুলিয়াই
By
এন ই নাও নিউজ ব্যুৰো:
May 3, 2024 2:43 pm
লামডিং–বদৰপুৰ হিলখণ্ডত মেৰামতিৰ বাবে বাতিলকৰণ আৰু সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে ৰে’লসেৱাৰ
By
এন ই নাও নিউজ ব্যুৰো:
May 3, 2024 12:35 pm
একাধিক নিয়ম উলংঘাৰ অভিযোগ; আদানীৰ ৬ টা সংস্থালৈ কাৰণ দৰ্শোৱাৰ জাননী SEBIৰ
By
এন ই নাও নিউজ ব্যুৰো:
May 3, 2024 11:44 am
নিৰ্বাচন আয়োগৰ নাকৰ তলতে বিধি উলংঘা বিজেপিৰ : কামৰূপতো বিজেপি কৰ্মীয়ে বিলাই ফুৰিছে অৰুণোদয়ৰ ফৰ্ম
By
এন ই নাও নিউজ ব্যুৰো:
May 3, 2024 11:05 am
ক’ভিশ্বিল্ডৰ বিতৰ্কৰ মাজতে ভাৰত বায়’টেকে দিলে বিবৃতি; ক’ভাক্সিনৰ পাৰ্শ্বক্ৰিয়া সম্পৰ্কত কি ক’লে?
By
এন ই নাও নিউজ ব্যুৰো:
May 3, 2024 10:47 am
ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া আৰু আকস্মিক মৃত্যুৰ সম্পৰ্কত অধ্যয়ন আৰম্ভ কৰিছে AMCH-য়ে
By
এন ই নাও নিউজ ব্যুৰো:
May 3, 2024 9:42 am