আজি দেশৰ সংবিধান প্ৰণেতা তথা আধুনিক ভাৰতৰ নিৰ্মাণৰ এজন প্ৰধান কাৰিকৰ সমাজ সংস্কাৰক, ৰাজনীতিবিদ, আইনবিদ, অৰ্থনীতিবিদ, ভাৰতৰত্ন বাবাচাহেব খ্যাত ড০ ভীমবৰ আম্বেদকাৰৰ ১২৭তম জন্মজয়ন্তী গোটেই দেশৰ লগতে ছিকিমতো চৰকাৰী উদ্যোগত পালন কৰা হৈছে।
ছিকিমৰ পালজৰ ষ্টেডিয়ামত এই উপলক্ষে সামাজিক ন্যায়, সবলীকৰণ আৰু কল্যাণ বিভাগ আৰু সদৌ অনুসূচিত জাতি কল্যাণ সংস্থাৰ সহযোগত আয়োজন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পৱন চামলিং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁৰ লগতে ছিকিম বিধানসভাৰ অধ্যক্ষ কে এন ৰায়ো সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল।
নিজৰ বক্তব্যত মুখ্য মন্ত্ৰী চামলিঙে ড০ আম্বেদকাৰৰ জীৱনৰ ওপৰত আলোকপাত কৰে। তেওঁ মহান নেতাজনৰ ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত থকা অৱদান আৰু তেওঁৰ নৈতিক মূল্যবোধৰ কথা স্মৰণ কৰে।
মুখ্য মন্ত্ৰীয়ে লগতে ৰাজ্যখনৰ অনুসূচিত জাতিৰ লোকসকলক কোনো বিশেষ সুবিধাৰ ওপৰত নিৰ্ভৰ নকৰাকৈ অগ্ৰগতিৰ বাবে সংগ্ৰাম কৰি যাবলৈও আহ্বান জনায়।
মুখ্য মন্ত্ৰীৰ লগতে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী এ কে ঘাটানীয়েও ড০ আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ সমাজৰ অৱহেলিত আৰু দমিত শ্ৰেণীটোৰ বাবে ড০ আম্বেদকাৰে কৰি যোৱা উপকাৰৰ কথা উল্লেখ কৰে।
মন কৰিব লগীয়া যে পালজৰ ষ্টেডিয়ামত ৰাজ্য চৰকাৰৰৰ উদ্যোগত পতা এই দিৱসৰ সমান্তৰালভাৱে ৰাজ্যখনৰ বিভিন্ন ঠাইত আজি চৰকাৰী আৰু বেচৰকাৰীভাৱে আম্বেদকাৰ জয়ন্তী উদযাপন কৰা হয়।