ছিকিমৰ পথ সম্প্ৰসাৰণত ক্ষতিগ্ৰস্থ গাঁওবাসীৰ প্ৰতিবাদ

sikkim

গেংটকৰ সমীপৰ ৰেন’ক-পাকয়ং পথ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে ক্ষতিগ্ৰস্থ হোৱা গাঁওবাসীয়ে বুধবাৰে উপযুক্ত ক্ষতিপূৰণৰ দাবীত এটা প্ৰতিবাদী সমদল উলিয়ায়।

প্ৰতিবাদকাৰী সকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত বেনাৰ- প্লেকাৰ্ড লৈ বিভিন্ন শ্ল’গান দি ২০১৩ৰ ভূমি অধিগ্ৰহণ আইন অনুসৰি ক্ষতিপূৰণৰ দাবী জনায়।

আনহাতে প্ৰতিবাদকাৰীসকলে এই পথ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে অবাধ হাৰত চলোৱা বন ধ্বংস যজ্ঞৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

এগৰাকী ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে অভিযোগ উত্থাপন কৰি কয় যে মাটিৰ গৰাকীক কোনোধৰণৰ ক্ষতিপূৰণ নিদিয়াকৈ ১০০ ফুট পৰ্যন্ত পথ সম্প্ৰসাৰণ কৰা হৈছে। এয়া অন্যায়ৰ বাহিৰে আন একো নহয়।

সেয়েহে প্ৰতিবাদকাৰীসকলে বৰ্তমানৰ মাটিৰ মূল্যৰ হিচাপত ক্ষতিপূৰণ আদায় দিবলৈ দাবী জনায়।

উল্লেখযোগ্য যে এনএইচআইডিচিএলে ব্যক্তিগত ঠিকাদাৰৰ হতুৱাই ২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেন’ক-পাকয়ং পথ সম্প্ৰসাৰণৰ কাম কৰি আছে।

অৱশ্যে মাটিৰ গৰাকীসকলে কৰা এই প্ৰতিবাদৰ পাছতো গা লৰা নাই চৰকাৰ কিম্বা প্ৰশাসনৰ।সেয়েহে ক্ষতিগ্ৰস্থ মাটিৰ গৰাকীসকলক চৰকাৰে পৰৱৰ্তী পৰ্যায়ত কি ব্যৱস্থা কৰি দিয়ে সেয়া লক্ষ্যণীয় হ’ব।