‘জনজাতিসকল অসমৰ মূলসুঁতিৰ অংশ নহয়- উচ্চতম ন্যায়ালয়ত বিবৃতি অসম চৰকাৰৰ’ : বিজেপি চৰকাৰক সমালোচনা চি পি আই (এম) নেতাৰ

04-02-18-Guwahati-CPI-M-22nd-Assam-State-Sanmilan

চি পি আই (এম)ৰ ২২ সংখ্যক ৰাজ্যিক সন্মিলন

চি পি আই (এম)ৰ পলিটব্যুৰ’ সদস্য এচ ৰামচন্দ্ৰনে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে কাম কৰি যোৱাৰ অংগীকাৰ কৰা অসমৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে জনজাতি বিৰোধিতাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

গুৱাহাটীৰ সোণাৰাম বিদ্যালয়ৰ খেলপথাৰত দেওবাৰে আয়োজিত চি পি আই (এম)ৰ ২২ সংখ্যক ৰাজ্যিক সন্মিলনত এক বৃ্হৎ সমাৱেশক সম্বোধন কৰি নেতাজনে কয়, ‘জনজাতিসকল অসমৰ মূলসুঁতিৰ অংশ নহয় বুলি বিজেপি নেতৃত্বাধীন অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত বিবৃতি দিছে।’

অসমৰ বিজেপি চৰকাৰখনে জাতি, মাটি, ভেটি ৰক্ষাৰ বাবে কাম কৰি যোৱাৰ দাবী কৰি অহাৰ বিপৰীতে চৰকাৰখনৰ বিৰুদ্ধে সমাৱেশত এই বিস্ফোৰক তথ্য উল্লেখ কৰে নেতাজনে।

চি পি আই (এম) নেতাজনে কয়, ‘এনে বিপজ্জনক বিবৃতিৰ বাবে উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক ভৰ্ৎসনা কৰিছে।’

ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আৰ এফ নৰিমনৰ বিচাৰপীঠে যোৱা বছৰ নৱেম্বৰত ‘১৫ শতাংশ লোক জনজাতীয় আৰু তেওঁলোক মূলসুঁতিৰ অংশ নহয় বুলি আপোনালোকে বিপজ্জনক বিবৃতি দিছে’ বুলি অসম চৰকাৰক ভৰ্ৎসনা কৰিছিল।

ভাষণত নেতাজনে কেন্দ্ৰ আৰু অসমৰ দুয়োখন বিজেপি চৰকাৰ ভাৰতৰ স্বাধীনোত্তৰ যুগৰ আটাইতকৈ নিকৃষ্ট চৰকাৰৰূপে অভিহিত কৰে।

সমাৱেশত চি পি আই (এম) নেতা পিল্লাই

‘ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰে দেশৰ জনগণৰ আৰু দেশৰ জীৱনৰ বাবে প্ৰলয়ংকাৰী কিছুমান নীতি অনুসৰণ কৰিছে’ বুলিও পিল্লায়ে দাবী কৰে।

তেওঁ অভিযোগ কৰে যে বিজেপি চৰকাৰে গ্ৰহণ কৰা নব্য উদাৰ আৰ্থিক নীতিসমূহে দেশৰ কৃষি আৰু ঔদ্যোগিক বিকাশ হ্ৰাস কৰিছে।

জ্যেষ্ঠ চি পি আই (এম) নেতাজনে কয়, ‘কৃষি আৰু ঔদ্যোগিক খণ্ডৰ মন্থৰ বিকাশৰ বাবেই নিবনুৱা সমস্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। প্ৰতিমাহে দেশত প্ৰায় ১০ লাখ লোকে কৰ্মসংস্থান বিচাৰে কিন্তু তেওঁলোকে নিয়োগ পোৱা নাই। ফলত গাওঁ, চহৰ দুয়োঠাইতে নিবনুৱা সমস্যা বাঢ়িছে।’

তেওঁ লগতে কয় যে চৰকাৰৰ প্ৰশাসনিক আৰু ৰাজনৈতিক নীতিসমূহে সংখ্যালঘূ বিশেষকৈ দেশৰ মুচলমানসকলৰ মাজত ভয় আৰু নিৰাপত্তাহীনতাৰ সৃষ্টি কৰিছে।

পিল্লায়ে আঙুলিয়াই, ‘গো ৰক্ষাৰ নামত, লাভ জিহাদৰ নামত, সন্ত্ৰাসবাদৰ নামত আৰু ৰাষ্ট্ৰীয়তাৰ নামত বহু ঠাইত সংখ্যালঘূসকলক আক্ৰমণ কৰা হৈছে। সংখ্যালঘূসকলক সন্ত্ৰাসবাদীৰূপে, দেশদ্ৰোহীৰূপে আখ্যায়িত কৰা হৈছে।’

চৰকাৰে বেআইনী কাৰ্য্যকলাপ প্ৰতিৰোধ আইন, ৰাষ্ট্ৰীয় নিৰাপত্তা আইন আদিৰ অপপ্ৰয়োগ কৰা বুলি অভিযোগ কৰি কয় যে চৰকাৰে ইবোৰৰ নামত শ শ নিৰ্দোষ লোকক হাৰাশাস্তি কৰিছে।

পিল্লায়ে লগতে কয় যে চৰকাৰে চৰকাৰীভাৱে অবৈজ্ঞানিক চিন্তাক উৎসাহ যোগাইছে আৰু বিশ্ববিদ্যালয়সমূহৰ লগতে এন চি ই আৰ টি, য়ু জি চি, আই চি এইচ্চ আৰ আৰু আই চি এচ এচ আৰ আদি বিভিন্ন অনুষ্ঠানত আৰ এচ এচৰ লগত জড়িত লোকসকলক সংস্থাপিত কৰিছে।

প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মনে সভাপতিত্ব কৰা সমাৱেশখনক প্ৰবীন বাওঁপন্থী নেতা বিমান বসু, হেমেন দাস আৰু দেৱেন ভট্টাচাৰ্য্যয়ো সম্বোধন কৰে।