জনাৰ্দন দেৱগোস্বামী, সত্ৰ মহাসভাক ছাত্ৰ সন্থাৰ কঠোৰ সকীয়নি : ‘বাংলাদেশত চলাওকগৈ সত্ৰ’

AASU

কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব বিধেয়ক ( Citizenship Amendment Bill )ক সমৰ্থন কৰাক লৈ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী আৰু অসম সত্ৰ মহাসভাক আজি ১৮ এপ্ৰিলত কঠোৰ সকীয়নি দিছে সদৌ অসম ছাত্ৰ সন্থাই।

অসমৰ সকলো খিলঞ্জীয়া সংগঠনে সৰ্বাত্মক বিৰোধিতা কৰা বিধেয়কখনক সত্ৰ মহাসভাই সমৰ্থন কৰা বুলি হোৱা ব্যাপক বিতৰ্কৰ পিছত অসমৰ ‘অহিত’ হোৱা কোনো কথা কোৱা নাই বুলি সত্ৰাধিকাৰ দেৱগোস্বামীয়ে কৰা মন্তব্যত জাঙুৰ খাই উঠি ছাত্ৰ সন্থাই ‘অহিত’ নোহোৱা কথাখিনি স্পষ্টকৈ অসমৰ ৰাইজক জনাবলৈ দাবী জনাইছে।

সত্ৰাধিকাৰজনক ‘সাম্প্ৰদায়িক শক্তিৰ দালালি নকৰিবলৈ’ সকীয়নি দি এন ই নাও-ৰ সৈতে হোৱা কথা-বতৰাত ছাত্ৰ সন্থাৰ সম্পাদক লুৰীনজ্যোতি গগৈয়ে কয় যে ‘তেওঁলোকে সত্ৰসমূহ চলাই আছে অসম, উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহক লৈ। তেওঁলোকেটো বাংলাদেশীসকলক লৈ সত্ৰ চলোৱা নাই, উত্তৰ প্ৰদেশ, বিহাৰ আৰু মহাৰাষ্ট্ৰৰ মানুহক লৈ তেওঁলোকে সত্ৰ চলোৱা নাই। তেওঁলোকৰ যদি ইমান বাংলাদেশী প্ৰীতি তেতিয়াহ’লে তেওঁলোকে গৈ সত্ৰ চলাওক গৈ বাংলাদেশত।’

বিধেয়কখনক লৈ বিজেপি চৰকাৰ আৰু সত্ৰ মহাসভাই মিলি ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি ভাবে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ছাত্ৰ সন্থাৰ নেতাজনে ‘তেওঁলোক সাম্প্ৰদায়িক শক্তিৰ দালালৰ ভূমিকাত অৱতীৰ্ণ হৈছে’ বুলি অভিহিত কৰি তেওঁলোকক ‘দালালিগিৰি এৰক, জাতিৰ স্বাৰ্থত থিয় দিয়ক’ বুলি আহ্বান জনায়।

সমগ্ৰ বিষয়টো সন্দৰ্ভত সত্ৰাধিকাৰ দেৱগোস্বামীৰ স্থিতি জানিব বিচৰাত সত্ৰাধিকাৰগৰাকীয়ে এন ই নাও-ক এই সন্দৰ্ভত ‘কোনো মন্তব্য কৰিব খোজা নাই’ বুলি কয় যে ‘আমি অসমৰ অহিত কোনো কথা কোৱা নাই।’ কিন্তু ‘আইনখন অকল অসমৰ কাৰণে নহয়, গোটেই ভাৰতৰ কাৰণে’ বুলি মন্তব্য কৰি তেওঁ বিধেয়কখনক সমৰ্থন কৰাৰ কথা পৰোক্ষভাৱে স্বীকাৰ কৰে। তেওঁ লগতে কয় যে তেওঁ এতিয়া ‘সত্ৰ মহাসভাত নাই’।

আনহাতে সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰনাথ প্ৰধানীয়ে সংবাদ মাধ্যমৰ আগত নাগৰিকত্ব সংশোধনী বিধেয়কক সত্ৰ মহাসভাই ‘সমৰ্থন নকৰে’ বুলি জনাই যদিও একেটা সময়তে বিদেশীৰ বোজা অকল অসমে নহয় গোটেই দেশে ভগাই ল’ব লাগে বুলি মন্তব্য কৰাৰ ফলত বিধেয়কখন সত্ৰ মহাসভাই সমৰ্থন কৰাটোহে অধিক ষ্পষ্ট হৈ পৰিছে।

উল্লেখযোগ্য যে অসমৰ সকলো খিলঞ্জীয়া সংগঠনেই দেশৰ নাগৰিকত্ব আইন সংশোধন কৰি ধৰ্মৰ ভিত্তিত বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে উত্থাপন কৰা এই নাগৰিকত্ব (সংশোধন) বিধেয়ক, ২০১৬ৰ সৰ্বাত্মক বিৰোধিতা কৰি আহিছে।

আনহাতে ‘জনাৰ্দন দেৱগোস্বামী কি মাজুলীৰ মানুহে নাজানে নেকি…তেওঁ কিদৰে ব্যৱসায়-বাণিজ্য কৰি আছে’ বুলি উল্লেখ কৰি ছাত্ৰ সন্থাৰ নেতাজনে কয় যে ‘তেওঁটো এতিয়া আধ্যাত্মিক চিন্তাৰে শ্ৰীমন্ত শংকৰদেৱৰ নিচিনাকে সুন্দৰ সমাজ গঢ়াৰ চিন্তা কৰি থকা নাই।’