জাকাৰ্টা এছিয়ান গেইমছত নেখেলে ভাৰোত্তোলক মীৰাবাঈ চানুৱে

ATTACHMENT

মীৰাবাঈ চানু

দীর্ঘদিনৰ পৰা পিঠিৰ বিষত আক্ৰান্ত হৈ থকাৰ বাবে আসন্ন এছিয়ান গেইমছত অংশগ্ৰহণ কৰিব নোৱাৰে মণিপুৰৰ মহিলা ভাৰোত্তোলক মীৰাবাঈ চানুৱে।  ভাৰোত্তোলক গৰাকীৰ এই খবৰে এতিয়া মৰ্মাহত কৰিছে ভাৰতৰ ক্ৰীড়া প্ৰেমীক।

জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেইমছত স্বৰ্ণ পদকৰ দাবীদাৰ ভাৰোত্তোলক গৰাকীয়ে অংশগ্ৰহণ নকৰাৰ কথা জানিবলৈ দিয়ে ভাৰতীয় ভাৰোত্তোলক ফেডাৰেশ্যনৰ সচিব সহদেৱ যাদৱে।

মঙলবাৰে সচিবগৰাকীয়ে কয় যে জাকাৰ্টাত মীৰাবাঈ চানুৱে অংশগ্ৰহণ নকৰে। ২৩ বছৰীয়া চানুৱে কমনৱেলথ গেইমছত স্বৰ্ণ জয় কৰাৰ পাছতে এছিয়ান গেইমছত ভাৰতৰ হৈ সোণৰ পদক জয় কৰিব বুলি আশা কৰা হৈছিল।

উল্লেখ্য যে আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ নুঠাৰ ফলতে তেওঁ জাকাৰ্টাত অংশগ্ৰহণ নকৰে।

এক নবেম্বৰৰ পৰা আছগাবাটত বিশ্ব চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব আৰু চলিত বৰ্ষত সেইখনেই হ’ব প্ৰথমটো অলিম্পিক কোৱালিফায়িং ইভেণ্ট। টকিঅ’ অলিম্পিকৰ যোগ্যতা নিৰ্ণয়কাৰী মেচত যাতে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবেই তেওঁ এছিয়ান গেইমছত নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে যাদৱে।

উল্লেখ্য যে এছিয়ান গেইমছত অংশগ্ৰহণৰ উদ্দেশ্যে ইতিমধ্যে চানুৱে মুম্বাইত অনুশীলন আৰম্ভ কৰিছিল বুলি জানিব পৰা গৈছিল যদিও যোৱা দেওবাৰে অনুশীলনৰ সময়ত তেওঁ পুনৰ পিঠিত আঘাত পায়। আৰু সেয়ে প্ৰশিক্ষক শৰ্মাই চানুৰ ক্ষেত্ৰত কোনো ৰিস্ক ল’ব বিচৰা নাই আৰু প্ৰতিযোগিতাখনৰ পৰা নিজৰ নামটো প্ৰত্যাহাৰ কৰাটো বিচাৰিছিল।