জাগুনত টিৰাপ নৈত মমতা বেনাৰ্জীৰ চিতা বিসৰ্জন অসম নিবনুৱা সন্থাৰ

অসমত সুচাৰু ৰূপে সম্পন্ন হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামৰ বিৰোধিতাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰিবলৈ বিচৰা কুটিল ৰাজনীতিৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আজি ৪ আগষ্টত জাগুনত অসম নিবনুৱা সন্থাই মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ কৰি টিৰাপ নৈৰ দলঙৰ ওপৰৰ পৰা চিতা বিসৰ্জন দিয়ে।

মমতা বেনাৰ্জী মুর্দাবাদ, মমতা বেনাৰ্জী গ’ বেক, মমতা বেনাৰ্জীৰ কাম নাই আদি ধ্বনিৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি মমতাৰ প্ৰতিমূৰ্তি দাহ কৰি দলঙৰ ওপৰৰ পৰা নদীত বিসৰ্জন দিয়ে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সফলভাৱে ৰূপায়ণ হোৱাত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দিয়া ৰাজনৈতিক আৰু সাম্প্ৰদায়িক মন্তব্যৰ ওপৰত সদৌ অসম নিবনুৱা যুৱ সন্থাই জাঙুৰ খাই আজিৰ এই ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰে।

তদুপৰি সংগঠনটোৰ নেতৃবৰ্গই মমতা বেনাৰ্জীয়ে দিয়া সাম্প্ৰদায়িক মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ উপৰিও মমতা বেনাৰ্জীক অসমত দিদিগিৰি নেদেখুৱাবলৈয়ো সকিয়নী দিয়ে।

ইপিনে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমলৈ অহা হিন্দু অথবা মুছলিম কোনো লোকক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত হবলৈ দিয়া নহ’ব বুলিও নিবনুৱা সন্থাই মন্তব্য আগবঢ়ায়।