জাতিধ্বংসী কাম নকৰিবলৈ বিজেপিক সকীয়নি আছুকে ধৰি ২৮ টা জাতীয় সংগঠনৰ

DO_dQU_UEAYfWmE

আছুৰ উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য : ফাইল ফটো

অসমৰ খিলঞ্জীয়া লোকৰ পৰিচয় ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ক্ষমতা দখল কৰা সকলক বৰ্তমান উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামত বিধি পথালি নিদি সদিচ্ছাৰে কাম কৰি দেখুৱাবলৈ আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাই।

শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই নলবাৰীত এখন সংবাদ মেলত কয় যে ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমত হিন্দু বাংলাদেশী জাপি দিব বিচাৰি অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি ধ্বংসত নামি পৰিছে। সেয়া সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অসমৰ ২৮ টা জনগোষ্ঠীয় সংগঠনে কেতিয়াও হ’বলৈ নিদিয়ে বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

আছুৰ উপদেষ্টা গৰাকীয়ে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভাৰ লগতে আন জনগোষ্ঠীয় নেতৃত্বৰ লগত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে নাগৰিক পঞ্জীৰ কামত নিয়োজিত কৰ্মচাৰীকসকলক উৎসাহিত কৰাৰ বাবে নলবাৰীৰ উপাযুক্ত সঞ্জীৱ কুমাৰ দাসক সাক্ষাৎ কৰে। পিছত তেওঁ নলবাৰীৰ শ্বহীদ ভৱনত এখন সংবাদ মেলত অংশগ্ৰহণ কৰে।

অসমক অবৈধ বাংলাদেশী লোকে গ্ৰাস কৰা বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগতে উচ্চতম ন্যায়ালয়েও কোৱাৰ পিছতো কেন্দ্ৰৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ বিজেপি চৰকাৰখনে কোনো সদিচ্ছা প্ৰকাশ কৰা নাই বুলি অভিযোগ কৰি ড০ ভট্টাচাৰ্যই কয় যে অসমৰ ক্ষেত্ৰত হোৱা বাবে এই কথাই গুৰুত্ব লাভ নকৰে। এই ঘটনা গুজৰাটত হোৱা হ’লে স্বয়ং প্ৰধানমন্ত্ৰীগৰাকীয়ে উবুৰি খাই পৰিলেহেঁতেন বুলি তেওঁ তাৎপৰ্যপূৰ্ণভাৱে মন্তৱ্য কৰে।

বিজেপিয়ে একমাত্ৰ ভোটবেংকৰ স্বাৰ্থত আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ ব্যাঘাত জন্মাৱলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে জাতিধ্বংসী কামত জড়িত হৈ পৰা বুলি ছাত্ৰ নেতাগৰাকীয়ে অভিযোগ কৰে।

সংবাদমেলখনত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনক অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি অভিহিত কৰি কয় যে ইয়াক শুদ্ধ ৰূপত প্ৰকাশ কৰাত সকলোৱে সহযোগ কৰা উচিত।