NORTHEAST NOW (Assamese)

জানুৱাৰিৰ ২১ তাৰিখৰ পৰা আৰম্ভ হ’ব তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱ

January 19, 2018 5:01 pm · এন ই নাও নিউজ

তেজপুৰ বিশ্ববিদ্যালয়ে শৈক্ষিক প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱস ২১ জানুৱাৰিৰ পৰা বৰ্ষজোৰা ৰূপালী জয়ন্তী উদযাপন আৰম্ভ কৰিব।

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ মদন মোহন শৰ্মাই এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব। ইয়াৰ পিছতে গোটেই বছৰজুৰি বিভিন্ন খেল-ধেমালি, আলোচনা চক্ৰ, কৰ্মশালা, কুইজ, তৰ্ক প্ৰতিযোগিতা, সাংস্কৃতিক কাৰ্যসূচী আৰু অন্যান্য কাৰ্যসূচী অনুষ্ঠিত হ’ব।

বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগক শিক্ষণ, উদ্ভাৱণ আৰু বিনোদনৰ সমাহাৰেৰে আকৰ্ষণীয় কৰি তোলাৰ দায়িত্ব ন্যস্ত কৰা হৈছে।

বিশ্ববিদ্যালয়খনৰ স্কুল অফ হিউমেনেটিছ এণ্ড ছচিয়েল চায়েন্সৰ অধীনত ইংৰাজী আৰু বৈদেশিক ভাষা বিভাগে প্ৰথমটো অনুষ্ঠানৰ আয়োজন কৰিব। ‘ৰেজন্যান্চ্’ (অনুৰণন) শীৰ্ষক এদিনীয়া আলোচনা চক্ৰখনত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন শিল্পীয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত সীমা বিশ্বাস, ধ্ৰুৱ হাজৰিকা, বলোৰাম দাস আৰু অংকুশ শইকীয়াৰ দৰে অসমৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

উৎসৱৰ বিষয়বস্তুৰ প্ৰাণকেন্দ্ৰ হ’ব সাহিত্য, চলচ্চিত্ৰ আৰু থিয়েটাৰৰ মাজৰ নিকট সম্পৰ্কৰ দৰে বিষয়সমূহ। আলোচনাত অসমৰ চহকী পৰম্পৰাৰ সাংস্কৃতিক পৰিচয় প্ৰসাৰৰ প্ৰসংগয়ো স্থান লাভ কৰিব।

আলোচনা চক্ৰৰ পিছতে গুৱাহাটী আৰু কলকাতাৰ সংগীত শিল্পীয়ে প্ৰদৰ্শন কৰা বেহেলা আৰু তবলাৰ এক যুগলবন্দীয়ে দৰ্শকক আপ্লুত কৰিব।

 

Related News