জানুৱাৰীত অনুষ্ঠিত হ’ব মহিলা পল’ প্ৰতিযোগিতা

মণিপুৰৰ পৰ্যটন বিভাগে তৃতীয় সংখ্যক ৰাজ্যিক দিৱস উপলক্ষে ২০১৮ চনৰ জানুৱাৰী মাহৰ ১৭ তাৰিখৰ পৰা ইম্ফল চহৰস্থিত পৃথিৱীৰ অতিকৈ পুৰণি পল’খেলপথাৰ মপল কানজেইবুঙত মহিলা পল’ টুৰ্ণামেণ্ট প্ৰতিযোগিতাৰ আয়োজন কৰিছে বুলি জনায়। ভাৰতৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় মহিলা পল’ প্ৰতিযোগিতাখনৰ বাবে দল আৰু প্ৰতিযোগীৰ নাম সমূহ অতি শীঘ্ৰে ঘোষনা কৰা হ’ব বুলিও আয়োজক সন্থাই জানিবলৈ দিয়ে।

মণিপুৰৰ থলুৱা ঘোঁৰাক সংৰক্ষণ কৰা তথা পৰ্যটক সকলক অধিক আকৰ্ষিত কৰাৰ লক্ষ্যৰে প্ৰতিযোগিতাখনত এই থলুৱা ঘোঁৰা ব্যৱহাৰ কৰা হ’ব বুলি জনায়। মণিপুৰ পৰ্যটন বিভাগে উদ্যোগ গ্ৰহণ কৰা মহিলা পল’ প্ৰতিযোগিতাখন বৰ্তমান সদৌ মণিপুৰ পল’ সন্থাই আয়োজন কৰি আহিছে।

আয়োজকে জনোৱা অনুসৰি এই প্ৰতিযোগিতাখনত অতুলনীয় ভাৰতে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণত সহায় আগবঢ়াব আৰু অতি শীঘ্ৰে দেশৰ প্ৰসিদ্ধ খেলুৱৈ সকলৰ নাম সমূহ ঘোষণা কৰা হ’ব। উল্লেখযোগ্য যে মণিপুৰ আন্ত:ৰাষ্ট্ৰীয় পল’ উৎসৱ প্ৰতি বছৰে নৱেম্বৰ মাহৰ মণিপুৰ ছাংগাই উৎসৱত মপল কানজেইবুঙত অনুষ্ঠিত হৈ আহিছে।

মন কৰিবলগীয়া যে হৰ্ছ ৰাইডিং আৰু পল’ এছোছিয়েশ্যনক মণিপুৰৰ থলুৱা ঘোঁৰা সংৰক্ষিত কৰাৰ বাবে গঠন কৰা হৈছিল। কিন্তু লক্ষ্যণীয় ভাবে ঘাঁহ কমি অহা আৰু বিনিয়োগৰ অভাৱৰ ফলতেই মণিপুৰৰ এই থলুৱা ঘোঁৰা বিধৰ সংখ্যা লাহে লাহে কমি অহা বুলি ধাৰণা কৰিছে।