জামিনবিহীন গোচৰ ৰুজু হোৱা অভিযুক্তক আৰক্ষীৰ ৰক্ষণাবেক্ষণ : হেণ্ডকাফ লৈ পলাল আন এজন আচামী

prisoner-handcuffed-1024x576

প্ৰতিনিধিত্বমূলক পটো

ভাৰতীয় দণ্ড বিধিৰ ৩৪১/২৯৪/৩২৩/৩০৭/৩৮৪/৫০৬ নং জামিনবিহীন ধাৰাত ১১৪/১৮ নং গোচৰ ৰুজু কৰাৰ পিছতো সাংবাদিকক হত্যাৰ চেষ্টা কৰি গুৰুতৰ ভাৱে আহত কৰা অবৈধ শিল বালিৰ মাফিয়া হায়দৰ আলী আৰু দিলশাদ আহমেদক গ্ৰেপ্তাৰ কৰাৰ পৰিবৰ্তে আৰক্ষীয়ে ৰক্ষনাবেক্ষণ দিয়াৰহে অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি  মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰুকাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তিলক চন্দ্ৰ কলিতাৰ ৰহস্য জনক ভূমিকাৰ বাবে আৰক্ষী চকীৰ পৰা হেণ্ডকাফ লৈ পলায়ন কৰে মোবাৰক হুছেইন নামৰ এজন অভিযুক্ত।

এই ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু কাৰ প্ৰৰোচনাত এজন অভিযুক্তই এনেদৰে হেণ্ডকাফ লৈ পলায়ন কৰাৰ সুযোগ পালে তাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে।

আমোদজনক কথাটো হ’ল গেৰুকাবাৰী আৰক্ষীয়ে  সাংবাদিক আক্ৰমণৰ গোচৰত অভিযুক্ত আচামী দিলশাদ আহমেদক  নিজৰ গাড়ীত উঠাই লৈ হেণ্ডকাফৰ সৈতে পলায়ন কৰা আচামীক পুনৰ আটক কৰিবলৈ ভাণ্ডাৰা, বালাৰচৰত ঘুৰি ফুৰিছে। এই ঘটনাই অঞ্চলটোৰ ৰাইজক  চিন্তিত কৰি তুলিছে।

উক্ত আৰক্ষী বিষয়া জনৰ বিভিন্ন অবৈধ ব্যৱসায়, অসামাজিক কাণ্ডৰ লগত জড়িত থকা ব্যক্তিৰ লগত ৰহস্য জনক মিতিৰালিয়ে ৰাইজক চিন্তিত কৰি তুলিছে। আৰক্ষী বিষয়া জনে ইমানতে ক্ষান্ত নাথাকি সাংবাদিক আক্ৰমণকাৰী হায়দৰ আলীক গেৰুকাবাৰী আৰক্ষী চকীত বহুৱাই সাংবাদিক আজিজুল হকৰ লগতে তেওঁৰ পৰিয়ালৰ কেইবাজন সদস্যৰ বিৰুদ্ধে দোকানত চুৰি হোৱা বুলি ১১৬/১৮ নং গোচৰ ৰুজু কৰে।

সাংবাদিক আজিজুল হকক হত্যাৰ চেষ্টা কৰি গুৰুতৰভাৱে আহত কৰা আক্ৰমণকাৰী হায়দৰ আলী আৰু দিলশাদ আহমেদক ৪৮ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি কোকিলা প্ৰেছ ক্লাৱৰ সভাপতি মকিবুল ইছলাম জানিবলৈ দিয়ে।