জিএনএলএৰ সেনাধ্যক্ষ ছোহান ডি সিৰাক পূব গাৰো পাহাৰত গুলীয়াই হত্যা

নিষিদ্ধ ঘোষিত গাৰো নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ (জিএনএলএ) সেনাধ্যক্ষ ছোহান ডি সিৰাক শনিবাৰে পূব গাৰো পাহাৰ জিলাত মেঘালয় আৰক্ষী কমাণ্ডোৱে গুলীয়াই নিহত কৰে।

যদিওবা এই সংৰ্ঘষৰ বিষয়ে মেঘালয় আৰক্ষীয়ে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই, চৰকাৰী সূত্ৰই এই বাতৰি নিশ্চিত কৰিছে। কোৱা হৈছে যে জিএনএলএৰ স্বয়ম্ভু সেনাধ্যক্ষগৰাকীক গুলীয়াই নিহত কৰা হৈছে আৰু তেওঁলোকে অঞ্চলটোত লুকাই থকা বুলি সন্দেহ কৰা  বিদ্ৰোহী সংগঠনটোৰ আন এগৰাকী শীৰ্ষ নেতাৰ সন্ধানত আছে।

সূত্ৰসমূহে কয় যে এছএফ ১০ ৰ কমাণ্ডোসকলে অভিযান চলাই শনিবাৰে পুৱা পূব গাৰোপাহাৰ জিলাৰ ছামান্দাৰ ওচৰৰ ছেদুগ্ৰেত লুকাই থকা ঘৰত তালাচী চলায়। কমাণ্ডোৰ দলটোৱে ঘৰটোৰ কাষ পোৱাৰ সময়তে জিএনএলএৰ কেডাৰসকলে অভিযানকাৰী দলটোলৈ গুলী চলায় আৰু কমাণ্ডো বাহিনীয়েও প্ৰত্যুত্তৰত গুলীবৰ্ষণ কৰে।

ছোহান এগৰাকী ‘’ম’ষ্ট ৱান্টেড’’ উগ্ৰপন্থী নেতা আৰু পশ্চিম মেঘালয়ৰ  সন্ত্ৰাস অধ্যুষিত গাৰো পাহাৰ জিলাৰ দুই ডজনতকৈয়ো অধিক হত্যা তথা সংঘৰ্ষৰ সৈতে জড়িত আছিল। জিএনএলএই গাৰোসকলৰ বাবে সুকীয়া ৰাজ্যৰ দাবীত সংগ্ৰাম চলাই আছিল।

ছোহান ডি সিৰাকে ২০০৭ চনত যদিও এএনভিচিৰ এৰিয়া কমাণ্ডাৰ হিচাপে আত্মসমৰ্পন কৰিছিল, চৰকাৰৰ ফালৰ পৰা পুনৰ্সংস্থাপন প্ৰক্ৰিয়া ৰূপায়নত চৰকাৰে বিলম্ব কৰাৰ বাবে পুনৰ তেওঁ মেঘালয় আৰক্ষীৰ এগৰাকী ডিএছপি চেম্পিয়ন ছাংমাৰ সৈতে আত্মগোপন কৰি জিএনএলএ গঠন কৰে।

২০০৭ চনৰ ২৫ আগষ্টত ছোহানে তেতিয়াৰ মুখ্যমন্ত্ৰী ডি ডিলাপাঙৰ আগত উপ মুখ্যমন্ত্ৰী মুকুল ছাংমা আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ উপস্থিতিত লাপাঙৰ চৰকাৰী বাসভৱনত আত্মসমৰ্পন কৰিছিল। আত্মসমৰ্পনৰ পিছত তেওঁ  পূব গাৰো পাহাৰত এটা কাঠ ফলা মিলো আৰম্ভ কৰিছিল।

চেম্পিয়ন ছাংমা শ্বিলং কাৰাগাৰত বন্দী হৈ থকাৰ পিছত ছোহানৰ মৃত্যুৱে বাস্তৱিকতে পশ্চিম মেঘালয়ত জিএনএলএৰ সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাব।

এতিয়ালৈকে বিদ্ৰোহী সংগঠনটোৱে দক্ষিণ গাৰো পাহাৰৰ ভিতৰুৱা অঞ্চলৰ আৰু পূব গাৰো পাহাৰ জিলাৰ নিৰ্দিষ্ট স্থানৰ পৰা প্ৰায় দুই ডজনমান সশস্ত্ৰ কেডাৰেৰে অভিযান চলাই আহিছে। বিদ্ৰোহী সংগঠনটোৰ বাংলাদেশৰ নেত্ৰকোনা আৰু মৈমনসিং জিলাতো কেইটামান শিৱিৰ আছে।