জিলা প্রশাসনৰ আশ্বাসৰ পিছতো মেৰামতি নহ’ল নোৱা নদীৰ ভগা মথাউৰি

kalaigaon

ভগা মথাউৰিৰ একাংশ।

বিগত তিনি বছৰত বৃহত্তৰ কলাইগাঁও এলকাটোত ধ্বংসলীলা চলোৱা বছৰেকীয়া বানপানীৰ কথা স্থানীয় লোকৰ মনত এতিয়াও সজীৱ হৈ আছে।

২০১৫ চনত অহা উক্ত বানপানীয়ে কেইবা হাজাৰ বিঘা মাটিৰ ফচল ধ্বংস কৰাৰ লগতে ১৪ খন গাওঁ সম্পূৰ্ণ উচন কৰিছিল। একেটা বছৰৰে শেষৰ ফালে নেৰানেপেৰা বৰষুণৰ বাবে উপচি পৰা  নোৱা নদীৰ ধলে ৰূপাতল, ভেহগুৰি, বালিপৰা, শগুনবাহী আৰু গেৰুৱা আদি গাওঁ ডুব গৈছিল।

উক্ত বছৰত বানে নদীখনৰ মথাউৰিটো ভাঙি পেলোৱাৰ লগতে গতিপথো সলনি কৰি লৈছিল। বানে উটুৱাই লৈ গৈছিল নটাকৈ ঘৰ। লগতে ৰূপাতলস্থিত ৰূপাতল প্ৰাথমিক বিদ্যালয়ৰ দুটা নৱনিৰ্মিত পকী ঘৰো ক্ষতিগ্ৰস্ত হৈছিল।

ৰাইজে শংকা প্ৰকাশ কৰিছে যে যদিহে নদীখনে পূৰ্বৰ গতিপথলৈ ঘূৰি নাযায়, তেন্তে প্ৰতিটো বাৰিষাতেই অঞ্চলটোৰ ৰাইজ দুৰ্যোগৰ মুখামুখি হ’ব লাগিব।

বিগত বানপানীৰ পিছত ওদালগুৰি জিলা প্ৰশাসনৰ এটা দলে বিশেষকৈ ভগা মথাউৰি, বিদ্যালয়ৰ ঘৰ আৰু খেতি পথাৰৰ এটা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ বাবে বান প্ৰভাৱিত এলেকাসমূহ ভ্ৰমণ কৰিছিল।

দলটোৱে ৰাইজক আশ্বাস দিছিল যে বান আৰু মথাউৰিৰ সমস্যাটো সমাধান কৰাৰ বাবে জিলা প্ৰশাসনে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব।

কিন্তু আজি পৰ্যন্ত সংশ্লিষ্ট কৰ্তৃপক্ষই নোৱা নদীৰ ভগা মথাউৰি মেৰামতি কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

স্থানীয় বাসিন্দাৰ মতে ভগা মথাউৰিটো যদিহে অনতিপলমে মেৰামতি কৰা নহয় বাৰিষা কালত এই বছৰো তেওঁলোক সৰ্বস্বান্ত হ’ব লগীয়া হ’ব পাৰে।

শংকিত ৰাইজে বাৰিষা অহাৰ আগয়ে মথাউৰিটো মেৰামতি কৰাৰ বাবে দাবী জনাইছে।