NORTHEAST NOW (Assamese)

জিলা বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাত নিলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উৎকৃষ্ট প্ৰদৰ্শন

April 11, 2018 7:58 pm · নিখিল মুন্দ্ৰা

নগাঁৱৰ পোলিচ খেলপথাৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জিলা বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাত নিলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসমূহে দেখুৱা উৎকৃষ্ট প্ৰদৰ্শনে বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে।

নগাঁৱৰ উপায়ুক্ত বিশ্বজিত পেগুৱে কালি অনুষ্ঠিত উক্ত প্ৰতিযোগিতাখন উদ্বোধন কৰিছিল। পেগুৰ উপৰি উদ্বোধনী অনুঠানত নগাঁও জিলাৰ বিদ্যালয় নিৰীক্ষক মৃদুল নেওগ, নগাঁও জিলা ক্ৰীড়া বিষয়া কৌশিক ৰাজখোৱা আৰু ৰাষ্ট্ৰীয় মাধ্যমিক সৰ্ব শিক্ষা অভিযান, নগাঁৱৰ গৌৰি শংকৰ বৰুৱা উপস্থিত আছিল।

নিলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফইজ ম’হমদ বৰভূঞাই কয় যে প্ৰতিযোগিতাখনত নগাঁও আৰু হোজাই জিলা দুখনৰ ২৯৭ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৩৫ খন বিদ্যালয়ে অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাখনত হোজাইৰ নিলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়, নগাঁৱৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বঁটা লাভ কৰে।

আজি নিলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই বিদ্যালয়খনলৈ সন্মান কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনায়।

Related News