‘জুবিন ফেন ক্লাব’ৰ নাগৰিকত্ব বিধেয়ক বিৰোধিতা : ৰাজপথত মোদী-সোণোৱালৰ প্ৰতিকৃতি দাহ
জনপ্ৰিয় গায়ক জুবিন গাৰ্গে নাগৰিকত্ব সংশোধন বিধেয়কৰ বিৰোধিতা কৰি সকলোকে এই বিধেয়কৰ বিৰোধিতাত ওলাই আহিবলৈ আহ্বান জনোৱাৰ পিছতে মাৰবান্ধি ওলাই আহিছে জুবিন ফেন ক্লাব ( Zubeen Fan Club )। ফেন ক্লাবৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই পাঠশালাত আজি ১১ মে’ত বিধেয়কখনৰ বিৰোধিতা কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে।
নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰে পাঠশালাত জুবিন ফেন ক্লাব আৰু আন সংগঠনসমূহে আন্দোলন আৰু প্ৰতিকৃতি দাহ কৰাৰ দৃশ্য
ধৰ্মৰ ভিত্তিত বিদেশীক দেশৰ নাগৰিকত্ব প্ৰদানৰ বাবে বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব সংশোধন বিধেয়কখনৰ বিৰোধিতাৰে বিভিন্ন প্লেকাৰ্ড লৈ সংগঠনসমূহৰ মুঠ ১০০ গৰাকী সদস্যই বজালী কলেজৰ ওচৰৰ পৰা পাঠশালা চহৰ চাৰিআলি হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত গৈ প্ৰতিকৃতিকেইটা দাহ কৰে।