• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জ্যোতি চিত্ৰবনত আৰম্ভ দ্বিতীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ : আজি প্ৰদৰ্শন ওম ৰাউটৰ ‘লোকমান্য-এক যুগপুৰুষ’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 2, 2018 10:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰেপৰা অহা ৪ মাৰ্চলৈ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হোৱা দ্বিতীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত উদ্বোধনী চিনে’মা হিচাপে প্ৰদৰ্শিত হ’ল ওম ৰাউটৰ  ‘লোকমান্য-এক যুগপুৰুষ’।

মহোৎসৱটোৰ বাকীকেইটা দিনত ‘ডাক্তৰ বেজবৰুৱা’, অনন্ত মহাদেৱনৰ ‘গৌৰ হৰি দাস্তান’, হেমপ্ৰকাশ মৌতৰ ‘ৰেয়াৰিং এৰি উইথ ট্ৰেডিচনেল ভেলুজ’, কৃপাল কলিতাৰ ‘মেঘ-দি ক্লাউড’, ড০ কৃপানাথ পেগুৰ ‘টাক্কুটি- এ ৰেলেন্টলেচ জাৰ্নি’, অনুভৱ মহন্তৰ ‘বাথৌ অ’পেন ডা ড’ৰ’কে ধৰি অন্য বহুকেইখন পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব বুলি উদ্যোক্তামণ্ডলীয়ে জানিবলৈ দিয়ে।

আজিৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা চলচ্চিত্ৰ নিৰ্মাতা ডাঃ সান্ত্বনা বৰদলৈয়ে ‘এখন অৰ্থৱহ ছবি বুজি পোৱাটো তথা ভালদৰে উপভোগ কৰাটো এটা ৰুচিবোধৰ লেখীয়া কথা’ বুলি মন্তব্য কৰে।

ডাঃ বৰদলৈয়ে কয় ‘ছবি এখন চাই ভাল পোৱাটো চাইনিজ ফুড খাই ভালপোৱা লেখীয়া কথা। চাইনিজ ফুড অথবা মাছৰ খাৰ সৰুৰে পৰা খালেহে তাৰ আচল সোৱাদটো পোৱা যায়, ঠিক সেইদৰে চলচ্চিত্ৰ চোৱাৰ অভ্যাসটো গঢ়ি তুলিলেহে এখন ছবিৰ অন্তৰ্নিহিত ভাবধাৰাসমূহ অনুধাৱন কৰিব পৰা যায়।’

পেৰিচত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এখন চলচ্চিত্ৰ চাই থকা সময়ত তেওঁ সেই চলচ্চিত্ৰৰ একো অৰ্থ বুজি পোৱা নাছিল বুলি জনাই সেই প্ৰসংগত তেওঁ চাইনিজ ফুড আৰু মাছৰ জোলৰ উদাহৰণ দাঙি ধৰা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।

তেখেতৰ অদাহ্য নামৰ ছবিখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰদৰ্শিত হোৱাৰ সময়ৰ কেইটিমান অভিজ্ঞতা কথা উল্লেখ কৰে। লগতে কলকাতা তথা পুনেত তেওঁৰ ছবিখনে ভাল সমাদৰ লাভ কৰা বুলিও মন্তব্য কৰে।

আনহাতে সেই একেখন সভাতে উপস্থিত থকা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ ড০ মনমোহন বৈদ্যই ভাষণ প্ৰদান কৰি কয় ‘ইয়াত চলচ্চিত্ৰ জগতৰ বহু জ্ঞান থকা ব্যক্তি উপস্থিত আছে। এই ক্ষেত্ৰখনত মই একেবাৰে নতুন। আপোনালোকে ধৰি ল’ব পাৰে যে মই প্ৰাক প্ৰাথমিক বিদ্যালয়ত নাম লগাইছো মাত্ৰ।’

তদুপৰি আৰ এচ এচৰ নেতাজনে কয় যে তেওঁ বিগত চাৰিবছৰ ধৰি চলচ্চিত্ৰ জগতখনৰ ওপৰত কিছু অধ্যয়ন কৰিছে তথা এই জগতখনৰ সৈতে জড়িত কিছুসংখ্যক অভিজ্ঞ ব্যক্তিৰ সৈতে চলচ্চিত্ৰৰ বিষয়ত আলোচনা কৰিছে।

তেওঁৰ মতে ‘চিনেমা হৈছে জনসাধাৰণক কাহিনীৰ বিষয়ে অৱগত কৰোৱা এটা মাধ্যম। সংগীত, নৃত্য আৰু অভিনয়ৰ সংমিশ্ৰণেই হৈছে চিনেমা’।

তেওঁ কয় ‘আমাৰ ভাৰতবৰ্ষত যিদৰে হলিউড তলিউড আছে তেনেকৈ ফ্ৰান্সত ফ্ৰে’ন্সউড, জাৰ্মানীত জাৰ্মানউড নাই।’

তদুপৰি তেওঁ ইৰান তথা বেলজিয়ামৰ চলচ্চিত্ৰসমূহে সেই দেশসমূহৰ সমাজ ব্যৱস্থাৰ আভাস দিয়ে বুলি মন্তব্য কৰি কয় ‘ভাৰতীয় সমাজ ব্যৱস্থা কেনেকুৱা সেয়া ১০ খন হিন্দী চিনেমা চালেও আপোনালোকে অনুধাৱন কৰিব নোৱাৰিব।’

উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকা নয়ন প্ৰসাদে কয় ‘সাধাৰণতে ভাৰতীয় মানুহৰ চিনেমাৰ ধাৰণাটো মুম্বাইৰ হিন্দী চিনেমা আৰু হলিউডৰ চিনেমা। এই ধাৰণাই তেওঁলোকক এনেভাৱে গ্ৰাস কৰি ৰাখিছে যে বেলেগ কোনো ভাষাৰ চিনেমাৰ অনুধাৱন কৰিব নোৱাৰে।’

এনে পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি প্ৰসাদে মন্তব্য কৰে। লগতে গুৱাহাটীত যোৱা তিনিবছৰ ধৰি সেই পৰিৱেশ গঢ় লৈ উঠাটো অসমবাসীৰ বাবে গৌৰৱৰ কথা বুলি তেওঁ কয়।

গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক নৱ ঠাকুৰীয়াই কয় ‘প্ৰথম অৱস্থাত চিনেমা যাদু আছিল। লাহে লাহে ই শিল্পকলাত পৰিণত হ’ল।’

তদুপৰি বৰ্তমান সময়ত ইন্টাৰনে’টে বাতৰিকাকত, থিয়েটাৰ, চলচ্চিত্ৰ সকলো গ্ৰাস কৰি পেলাইছে বুলি তেওঁ মন্তব্য কৰে।

ইয়াৰোপৰি চিনেমা আৰু ইন্টাৰনেটৰ পাৰ্থক্যটো লাহে লাহে নোহোৱা হৈ যাব বুলি মন্তব্য কৰি তেওঁ কয় ‘ভৱিষ্যত প্ৰজন্মই নিউয়ৰ্কত মুক্তি পোৱা চিনেমা এখন ভাৰততে থাকি একেসময়তে উপভোগ কৰিব পাৰিব।’

আনহাতে চলচিত্ৰমৰ সাধাৰণ সম্পাদক ভগৱত প্ৰীতম দত্তই নৰ্থ ইষ্ট নাওক জনাই যে ‘ভাৰতবৰ্ষত চলচ্চিত্ৰৰ এটা বৃহৎ উদ্যোগ আছে যদিও ভাৰতীয় চলচিত্ৰসমূহত ভাৰতীয়ত্ব লাহে লাহে নাইকিয়া হৈ গৈছে। সুস্থ চলচ্চিত্ৰৰ ধাৰাটো পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে এনেধৰণৰ চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱ আমি দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত কৰিছো।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

September 8, 2025 8:50 pm
কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

September 8, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd