জয়পুৰ বৰ্ষাৰণ্য মহোৎসৱৰ শুভাৰম্ভ

ডিব্ৰুগড় জিলাৰ জয়পুৰৰ বুঢ়ীদিহিং নৈৰ পাৰত বৰ্ণিল কাৰ্যসূচীৰে দুদিনীয়াকৈ আয়োজিত জয়পুৰ বৰ্ষাৰণ্য মহোৎসৱৰ আজি শুভাৰম্ভ কৰা হয়। জয়পুৰ বৰ্ষাৰণ্যৰ চহকী জৈৱ বৈচিত্ৰ্য প্ৰদৰ্শিত হ’ব লগীয়া এই মহোৎসৱ উদ্বোধন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বেচৰকাৰী সংস্থা নেচাৰ্ছ বেকনে ২০০১ চনত প্ৰথমে এই বৰ্ষাৰণ্য মহোৎসৱৰ আৰম্ভণি কৰিছিল।

উদ্বোধনী ভাষণত ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু পৰ্যটন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰে যে এই মহোৎসৱে অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ হোৱাৰ ক্ষেত্ৰত ব্যাপকভাৱে সহায় কৰিব। শৰ্মাই কয়, ‘পৰ্যটনৰ ক্ষেত্ৰত দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ বিপুল সম্ভাৱনা আছে। ইয়াৰ চহকী জৈৱ বৈচিত্ৰ্যৰ বাবেই  প্ৰতি বছৰে বহু সংখ্যক বিদেশী পৰ্যটকে এই অঞ্চল ভ্ৰমণ কৰে। আমাৰ চৰকাৰ অসমৰ পৰ্যটন খণ্ডক বিকাশৰ বাবে সংকল্পবদ্ধ আৰু ৰাজ্যৰ পৰ্যটন খণ্ডৰ বিকাশৰ বাবে ইতিমধ্যে চৰকাৰে বহু ব্যৱস্থা লৈছে আৰু ভৱিষ্যতলৈও চৰকাৰে বিভিন্ন পদক্ষেপ হাতত ল’ব।’

নেচাৰ্ছ বেকনৰ সহযোগত স্থানীয় যুৱক-যুৱতীসকলে এইবাৰৰ জয়পুৰ বৰ্ষাৰণ্য মহোৎসৱ আয়োজন কৰিছে।

তেওঁৰ ভাষণত মন্ত্ৰীজনে লগতে কয়, ‘পৰ্যটকসকলক স্থানীয় লোকৰ ঘৰত ৰখা ব্যৱস্থা হিচাপে আমাৰ চৰকাৰে ‘আমাৰ আলহী’ নামৰ এক নতুন আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিয়ে অঞ্চলটোৰ চহকী সংস্কৃতি পৰ্যটকসকলৰ আগত দাঙি ধৰাৰ ক্ষেত্ৰত সহায় কৰিব। আমি অঞ্চলটোৰ ৫০ গৰাকী যুৱক-যুৱতীক বাছনি কৰি এই আঁচনিৰ অধীনত নিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। ইয়াৰ বাবে চৰকাৰে প্ৰতি গৰাকী যুৱক-যুৱতীক ৩ লাখকৈ টকা যোগান ধৰিব।’

ডিব্ৰুগড় চহৰৰ পৰা দক্ষিণ-পূবৰ ৬০ কি. মি. দূৰত অৱস্থিত জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ এই জয়পুৰ বৰ্ষাৰণ্যই দক্ষিণ-পূব এছিয়াৰ উৎকৃষ্টতম বৰ্ষাৰণ্য সমূহৰ লগত ফেৰ মাৰিব পাৰে। বহু লুপ্তপ্ৰায় প্ৰজাতিৰ লগতে জয়পুৰ অন্য বিপুল সংখ্যক বন সম্পদৰো ভঁৰাল। এই বৰ্ষাৰণ্যখন প্ৰায় ২০০ হাতীৰ উপৰি বিশ্বৰে আটাইতকৈ বিলুপ্তপ্ৰায় ২৫ বিধ বান্দৰৰ অন্যতম প্ৰায় ৪৩২ টা হলৌ বান্দৰৰো বাসস্থান।