জয়পুৰ সাহিত্য মহোৎসৱত বক্তৃতা প্ৰদান কৰিব বিশিষ্ট লেখিকা ৰীতা চৌধুৰীয়ে

ৰীতা চৌধুৰী

প্ৰসিদ্ধ জয়পুৰ সাহিত্য মহোৎসৱত এই বছৰ অসমৰ প্ৰতিস্থিত লেখিকা ৰীতা চৌধুৰীয়ে বক্তা হিচাপে অংশগ্ৰহণ কৰিব।

মাকাম, দেওলাংখুই আদিৰ দৰে বহু সমাদিত উপন্যাসৰ দ্বাৰা খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা বিশিষ্ট লেখিকাগৰাকীয়ে অহা ২৫ৰ পৰা ২৯ জানুৱাৰিলৈকে জয়পুৰৰ দ্যা ডিগ্গি পেলেচ হোটেলত অনুষ্ঠিত হ’ব লগীয়া মহোৎসৱটো শোভাবৰ্ধন কৰিব।

কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহযোগী অধ্যাপিকা তথা বৰ্তমান নেশ্যনেল বুক ট্ৰাষ্টৰ সঞ্চালকৰ দায়িত্বত থকা চৌধুৰীয়ে তেওঁৰ জনপ্ৰিয় উপন্যাস মাকামৰ শেহতিয়াভাবে প্ৰকাশ পোৱা ইংৰাজী সংস্কৰণ ‘চাইনাটাউন দেইজ’ৰ বাবে দেশজুৰি সমাদৰ লাভ কৰিছে।

উল্লেখযোগ্য যে ২০০৬ চনৰ পৰা প্ৰত্যেক বছৰে অনুষ্ঠিত হৈ অহা জয়পুৰ সাহিত্য মহোৎসৱে দেশ-বিদেশৰ পৰা অহা লেখক, কবি, নাট্যকাৰ আৰু সাহিত্য অনুৰাগী সকলক আকৰ্ষণ কৰি আহিছে।

একাডেমি বঁটা প্ৰাপক নাট্যকাৰ ছাৰ টম ষ্ট’পাৰ্ডে তেঁওৰ জীৱন আৰু কৰ্মৰ উপৰত আগবঢ়াব লগীয়া আকৰ্ষণীয় তথা মুকলি আলোচনাটোক মহোৎসৱটোৰ এই বছৰৰ মূল আকৰ্ষণ হিচাপে ধৰা হৈছে।