টীম আন্নাৰ উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া

আন্না হাজাৰেৰ সৈতে মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়া

দিল্লীৰ মহাৰাষ্ট্ৰ সদনত অলপতে অনুষ্ঠিত হোৱা টীম আন্নাৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত অসমৰ টীম আন্নাৰ সদস্য সমাজকৰ্মী দিব্যজ্যোতি শইকীয়া উপস্থিত থাকে। এই বৈঠকতে প্ৰবীণ গান্ধীবাদী নেতা আন্না হাজাৰেৰ দোশজোৰা আন্দোলনৰ বাবে মানৱ অধিকাৰ কৰ্মী দিব্যজোতি শইকীয়াক সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্ব অৰ্পণ কৰা হয়।

টীম আন্নাৰ কৰ্ণধাৰ সমিতিৰ বৈঠকত দেশৰ ১৮ খন ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই বৈঠকত বিশিষ্ট গান্ধীবাদী নেতা আন্না হাজাৰেই এইবাৰৰ আন্দোলনত ৰাজনৈতিক মুনাফা লাভৰ বাবে সুযোগৰ অপেক্ষাত থকা লোকক অংশগ্ৰহণ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে।

ৰাজনীতি নকৰো বুলি শপতনামাত স্বাক্ষৰ নকৰা ব্যক্তিক আন্দোলনত গুৰুত্ব দিয়া নহয় বুলি কৈ আন্নাই ইতিমধ্যে এনে আন্দোলনৰ পৰা সুবিধা গ্ৰহণ কৰি ৰাজনীতিত যোগদান কৰা নেতাসকলৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত ব্যক্ত কৰে।

অহা ২৩ মাৰ্চৰ পৰা নতুন দিল্লীত আৰম্ভ কৰিবলগীয়া এইবাৰৰ আন্দোলনৰ মূল বিষয় হৈছে জন লোকপাল বলবৎ কৰা, কৃষকৰ সমস্যা সমাধান কৰা আৰু নিকা তথা স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰা।

মানৱ অধিকাৰ তথা সামাজিক কৰ্মী দিব্যজোতি শইকীয়াক ২০১৫ চনৰ ১৫ ডিচেম্বৰত টীম আন্নাৰ কৰ্ণধাৰ সমিতিত অসমৰ পৰা সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। এতিয়া আন্নাৰ নতুন আন্দোলনৰ পৰিপ্ৰেক্ষিতত শইকীয়াক অতিৰিক্তভাৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্ব অৰ্পন কৰা হৈছে।

অলপতে অসম তথা অৰুণাচল ভ্ৰমণ কৰি যোৱা প্ৰবীণ গান্ধীবাদী নেতা আন্না হাজাৰেই তেওঁৰ নতুন আন্দোলনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ পৰা ব্যাপক সমৰ্থন লাভৰ আশা ব্যক্ত কৰিছে।