টুইটাৰৰ জৰিয়তে ছ’চিয়েল মিডিয়াত প্ৰৱেশ নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ

RIO

শুকুৰবাৰে টুইটাৰৰ জৰিয়তে ছ’চিয়েল মিডিয়াত প্ৰৱেশ কৰে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ’য়ে। ৰাজহুৱা আঁচনি আৰু টুইটাৰ ইণ্ডিয়াৰ মুৰব্বী মহিমা কৌলে শুকুৰবাৰে এই বিষয়ে নিশ্চিতি প্ৰদান কৰে।

মাইক্ৰ’ ব্লগিং ছাইটত প্ৰৱেশ কৰি নাগালেণ্ডৰ মুখ্য মন্ত্ৰী ৰিঅ’ই নিজৰ প্ৰথমটো টুইটত কয়- ‘অভিনন্দন। নাগালেণ্ডলৈ শান্তি আৰু উন্নয়ন ঘূৰাই অনাৰ বাবে ৰাজ্যখনৰ সকলো লোকে সন্মিলিত প্ৰয়াসেৰে কাম কৰিব বুলি মই আশাবাদী। নেদেখাজনৰ আশীৰ্বাদ আৰু ৰাইজৰ সমৰ্থনেৰে আমি নাগালেণ্ডবাসীৰ আকাংক্ষাক তুলি ধৰিবলৈ প্ৰয়াস কৰিম’।

উল্লেখ্য যে নিজৰ কেবিনেট সতীৰ্থ সকলৰ সৈতে সম্প্ৰতি নতুন দিল্লীত বাহৰ পাতি থকা ৰিঅ’ই শুকুৰবাৰে প্ৰধান মন্ত্ৰী মোডীক সাক্ষাৎ কৰে।

ইয়াৰ পাছতে এক টুইটযোগে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী গৰাকীয়ে কয়-‘মই মোৰ সতীৰ্থ সকলৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিলো। তেওঁৰ দিহা-পৰামৰ্শ তথা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ স্বাৰ্থত আমি সমূহীয়াভাৱে আমাৰ লক্ষ্য অভিমুখে কাম কৰি যাম’।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে শুকুৰবাৰে নেইফিঅ’ ৰিঅ’ই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰাৰ উপৰি উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুকো সাক্ষাৎ কৰে।

তদুপৰি একেটা দিনতে নেইফিঅ’ ৰিঅ’ই তেওঁৰ সতীৰ্থবৃন্দৰ সৈতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলী, গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজিজুকো সাক্ষাৎ কৰে।

উল্লেখ্য যে সদ্যসমাপ্ত নাগালেণ্ড বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ সূত্ৰেই নেইফিঅ’ ৰিঅ’ই চতুৰ্থবাৰৰ বাবে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী পদত অধিষ্ঠিত হৈছিল।