NORTHEAST NOW (Assamese)

টেঙাখাট নেটৱৰ্ক কম্পিউটাৰ ইনষ্টিটিউটত এমহীয়া সাংবাদিকতা প্ৰশিক্ষণ পাঠ্যক্ৰম

June 20, 2018 7:44 pm · অভিক চক্ৰবৰ্তী
Updated: June 20, 2018 7:53 pm
প্ৰতিনিধিত্বমূলক ফটো : উৎস ইণ্টাৰনেট

টেঙাখাটৰ নেটৱৰ্ক কম্পিউটাৰ ইনষ্টিটিউটে গান্ধী ভৱন চৌহদত এমহীয়া সাংবাদিকতা প্ৰশিক্ষণ পাঠ্যক্ৰম এটা আৰম্ভ কৰিছে। এই পাঠক্ৰমটো  ১ ৰ পৰা ৩১ জুলাইলৈকে তাৰিখলৈ চলিব।

এটা সাধাৰণ সাংবাদিকতা যোগ্যতা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ৩০ গৰাকী প্ৰাৰ্থীক এই পাঠ্যক্ৰমৰ বাবে বাচনি কৰা হ’ব। প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পাছত শিক্ষাৰ্থীসকলক যোগদানৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।

এই এমহীয়া প্ৰশিক্ষণ পাঠ্যক্ৰমটো অনুষ্ঠিত কৰাৰ বাবে কেৰেলাৰ এটা আগশাৰীৰ জন সম্পৰ্কৰক্ষী ব্ৰেণ্ডিং কোম্পানী ‘পাৰ্গো পি আৰ এণ্ড আই টি মেডিয়া ছল্যুশ্যনছ,পালাক্কাড়’ৰ বৃত্তিগত আৰু বিদ্যায়তনিক দুয়োটা খণ্ডৰে এটা অভিজ্ঞ  ফেকাল্টীৰ দল নেটৱৰ্ক কম্পিউটাৰ ইনষ্টিটিউটলৈ আহিব।

১৮ৰ পৰা ৩০ বছৰ বয়সৰ অন্তৰ্গত নিম্নতম স্নাতক ডিগ্ৰীধাৰী অথবা স্নাতকৰ অন্তিম পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীসকলে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব।

পঞ্জীয়ণ আৰু বিতং তথ্যৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলে নেটৱৰ্ক কম্পিউটাৰ ইনষ্টিটিউট, গান্ধী ভৱন টেঙাখাট অথবা www.pargo.in অথবা  910164698 হেল্পলাইন নম্বৰত ফোন কৰিব পাৰে।

Related News