ডকমকা কাণ্ড : এসপ্তাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ

ডকমকা কাণ্ডৰ প্ৰতিবাদ। ফাইল ফটো

ডকমকা কাণ্ডৰ প্ৰতিবাদ। ফাইল ফটো

ডকমকাত দুজন প্ৰতিভাৱান যুৱকক নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সম্পৰ্কত ন্যায়ালয়ে এসপ্তাহৰ ভিতৰত চৰকাৰক  শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ যুৱকদ্বয় নীলোৎপল দাস আৰু অভিজিৎ নাথৰ নৃশংস হত্যাকাণ্ডৰ গোচৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

উক্ত যুৱক দুজনৰ হত্যা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা দুটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰি সোমবাৰে ন্যায়ালয়ে অসম চৰকাৰক এসপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিয়ে।

মানৱতাক জোকাৰি যোৱা যুৱকদ্বয়ৰ নৃশংস হত্যাকাণ্ড সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৩৫/২০১৮ আৰু ৩৮/২০১৮ নম্বৰত দুটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু হৈছিল। সোমবাৰে ৩৮/২০১৮ নম্বৰ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালখনে ৰাজ্য চৰকাৰক এসপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিয়ে।

আনহাতে,  ন্যায়ালয়ে এসপ্তাহৰ পাছতে উক্ত দুয়োটা গোচৰৰ একেলগে শুনানি অনুষ্ঠিত হ’ব বুলিও  প্ৰকাশ  কৰে।

উল্লেখযোগ্য যে বিগত ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাৰ সমীপত থকা কাংথিলাংছ’ জলপ্ৰপাত দৰ্শন কৰিবলৈ গৈছিল নীলোৎপল দাস আৰু বন্ধু অভিজিৎ নাথ। কিন্তু সোপাধৰাৰ সন্দেহত সন্ধিয়া সময়ত অতি নৃশংসভাৱে এদল উন্মত্ত লোকে মৰিয়াই মৰিয়াই দুয়োজনকে হত্যা কৰিছিল।

ইতিমধ্যে ঘটনাৰ পিছত এই হত্যাকাণ্ডৰ সৈতে জড়িত ৩৫জনতকৈয়ো অধিক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তদুপৰি ঘটনাৰ আগে পাছে ছ’চিয়েল মিডিয়াযোগে উৰাবাতৰি বিয়পোৱা আন প্ৰায় ৪০জন লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।