ডকমকা হত্যাকাণ্ডৰ বিচাৰ ফাষ্টট্রেক আদালতত কৰাৰ পোষকতা মুখ্য মন্ত্ৰী সোণোৱালৰ

সোণোবাল

বৰ্বৰ ডকমকা হত্যাকাণ্ডৰ হত্যাকাৰীয়ে যাতে উচিত শাস্তি পাই, তাৰ বাবে ফাষ্টট্রেক আদালতত বিচাৰ প্রক্রিয়া চলোৱাৰ পোষকতা কৰিছে ৰাজ্যৰ মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱালে৷ আনহাতে মুখ্য মন্ত্ৰীগৰাকীয়ে ডকমকা কাণ্ডৰ আঁৰৰ অপৰাধীক উচিত শাস্তি দিয়া হ’ব বুলি দৃঢ়তাৰে প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে উক্ত হত্যাকাণ্ডৰ বিচাৰ প্রক্রিয়া যাতে সঠিক দিশত আগবাঢ়ে, তাৰ বাবে চৰকাৰী অধিবক্তাৰ কাম-কাজ নিৰীক্ষণ কৰাৰ বাবে কালি অনুৰূপ ধৰণে শিক্ষা মন্ত্রী সিদ্ধাৰ্থ ভট্টাচার্যই ডকমকা কাণ্ডৰ বিচাৰ ফাষ্টট্রেক আদালতত কৰাৰ আশ্বাস দিছিল৷ এই সন্দর্ভত কালি সাংবাদিকৰ আগত মন্ত্রী ভট্টাচার্যই লগতে কয় যে প্রতি তিনি মাহৰ মূৰে মূৰে চৰকাৰী অধিবক্তাৰ কাম-কাজ তদাৰক কৰিব চৰকাৰে৷

উল্লেখযোগ্য যে তদন্ত প্ৰক্ৰিয়া লেহেম হোৱাৰ বাবে বিগত পাঁচ বছৰে ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ অপৰাধীয়েও শাস্তি পোৱা নাই বুলি আইনমন্ত্রীজনে খেদ প্ৰকাশ কৰে৷

আনহাতে ডকমকাৰ হত্যাকাণ্ডৰ সৈতে জড়িত অপৰাধীৰ শাস্তিৰ দাবীত জাগ্রত হৈছে গুৱাহাটী উচচ ন্যায়ালয় বাৰ এছ’চিয়েশ্যন৷ নীলোৎপল দাস আৰু অভিজিৎ নাথৰ হত্যাকাৰীক কঠোৰ শাস্তি বিহাৰ দাবীত অসম চৰকাৰক এজন বিশেষ অধিবক্তা নিযুক্তি দিয়াৰ বাবে আহবান জনাইছে উচচ ন্যায়ালয় বাৰ এছ’চিয়েশ্যনে৷

ইযাৰ মাজতে শেহতীয়াভাৱে হত্যাকাণ্ড সংঘটিত হোৱা স্থানৰ পৰা নীলোৎপল আৰু অভিজিতৰ সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা ম’বাইল ফোন, কাপোৰৰ বেগ আৰু বাদ্যযন্ত্ৰ। জব্দকৃত সামগ্ৰীসমূহ আদালতত দাখিল কৰিব আৰক্ষীয়ে। আনহাতে গাঁওখনত নীলোৎপল আৰু অভিজিৎ সন্ধিয়া ৬.৩০ বজাত প্ৰৱেশ কৰিছিল বুলিও তথ্য লাভ কৰিছে আৰক্ষীয়ে।


আনহাতে এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰি কাংথিলাংছ’ জলপ্ৰপাতক অভি–নীল জলপ্ৰপাত হিচাপে নামকৰণৰ পোষকতা কৰিছে বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙে। তেওঁ এই সন্দৰ্ভত কয়ে যে অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ প্ৰতিমূৰ্তি স্থাপন কৰিব নালাগে কাৰণ প্ৰতিমূৰ্তি দেখাৰ লগে লগে অভিশপ্ত দিনটোৰ কথা মানুহৰ মনলৈ আহিব।