NORTHEAST NOW (Assamese)

ডিগবৈত ভাৰতীয় মহিলা ক্ৰিকেট ‘এ’ দলৰ সদস্যা মনীষা দাসক সম্বৰ্ধনা

May 25, 2018 10:26 am · এন ই নাও নিউজ

ভাৰতীয় মহিলা ক্ৰিকেট ‘এ’ দলৰ সদস্যা, অসম কন্যা মনীষা দাসক বৃহস্পতিবাৰে ডিগবৈৰ লুইত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত আৰ ডি শৈক্ষিক আৰু ক্ৰীড়া ন্যাসৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয়।

সম্বৰ্ধনা অনুষ্ঠানত প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকীয়ে দৰিদ্ৰতাকো নেওচি জীৱন যাত্ৰা আৰম্ভ কৰাৰ কথা কৈ উচুপি উঠে। লখিমপুৰৰ বানবিধ্বস্ত নকপৌহুৱা গাঁৱৰ সোমবৰ দাস আৰু বিমলাপ্ৰভা দাসৰ কন্যা মনীষাৰ কষ্টকৰ জীৱনৰ কথা শুনি সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা লোকসকলেও ক্ষন্তেকৰ বাবে আৱেগিক হৈ উঠে।

বৰ্তমান মনীষাই ভাৰতীয় মূল দলত অন্তৰ্ভুক্ত হ’বলৈ কঠোৰ পৰিশ্ৰমত ব্ৰতী থকা বুলিও অনুষ্ঠানত জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰৰ পৰা কোনো ধৰণৰ সা-সুবিধা লাভ নকৰা মনীষাই এই ক্ষেত্ৰত অসম ক্ৰিকেট সন্থাই তেওঁক পূৰ্ণ সমৰ্থন আগবঢ়োৱা বুলি কয়।

পল্লৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট সাংবাদিক অৰুণ কুমাৰ দাস আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ৰীড়া সঞ্চালক ড০ মণ্টু বড়োৱে শিক্ষাত ক্ৰীড়াৰ প্ৰসংগিকতা আৰু অসমত ক্ৰীড়াৰ সম্ভাৱনীয়তা শীৰ্ষক বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰে।

উল্লেখ্য যে এই অনুষ্ঠানতে ন্যাসৰ তৰফৰ পৰা মনীষাক সম্বৰ্ধনা জনোৱাৰ লগতে ১০ হেজাৰ টকাৰ চেক প্ৰদান কৰা হয়। এই অনুষ্ঠানতে ডিগবৈৰ প্ৰায় ৫০ টা অনুষ্ঠানে ক্ৰিকেটাৰগৰাকীক সম্বৰ্ধনা জনায়।

Related News