NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত আন্তঃজিলা টাইকোৱানডো প্ৰতিযোগিতাৰ সফল সামৰণি

August 2, 2018 11:06 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা ৩৫সংখ্যক সদৌ অসম আন্তঃজিলা টাইকোৱানডো প্ৰতিযোগিতাখন যোৱা দেওবাৰে সামৰণি পৰে। এই ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাখন ডিব্ৰুগড়ৰৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া আছিল যদিও প্ৰতিকূল বতৰৰ বাবে পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় ।

এই টাইকোৱানডো প্ৰতিযোগিতাখনত ৰাজ্যৰ মুঠ ২৯খন জিলাৰ কেইবাশ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

টাইকোৱানডো ফেডাৰেশ্যন অব ইণ্ডিয়াৰ সচিব প্ৰধান আৰ ডি মংগেশকাড় মুখ্য অতিথিৰূপে উপস্থিত থকা এইবাৰৰ প্ৰতিযোগিতাৰ কিউৰোগীত যোৰহাট জিলা দলে শ্ৰেষ্ঠ আৰু ধেমাজিয়ে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে।

ইফালে পুমচেত হাইলাকান্দি দলে শ্ৰেষ্ঠ দলৰ সন্মান পোৱাৰ বিপৰীতে বজালীয়ে লাভ কৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান।

উল্লেখ্য যে প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি প্ৰিয়ম প্ৰিয়দৰ্শিনীৰ সম্পাদনাত এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হয়। স্মৃতিগ্ৰন্থ উন্মোচন কৰে ডিব্ৰুগড় টাইকোৱানডো একাডেমিৰ সম্পাদক দিগন্ত বৰাই।

Related News