ডিব্ৰুগড়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অগপৰ স্বাক্ষৰ সংগ্ৰহ অভিযান

AGP's signature campaign in Dibrugarh against Citizenship

অগপৰ পৃষ্ঠপোষকতাত দেওবাৰে চৌকিডিঙিত অনুষ্ঠিত স্বাক্ষৰ অভিযানত অংশগ্ৰহণ কৰি শ শ লোকে বিতৰ্কিত নাগৰিত্ব সংশোধনী বিধেয়ক-২০১৬ আইনত পৰিণত কৰাৰ বিৰুদ্ধে স্বাক্ষৰ প্ৰদান কৰিছে।

শাসনাধিস্থ বিজেপি চৰকাৰৰ সহযোগী দল হ’লেও অগপই এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু যৱা ১২ মে’ৰ পৰা তেওঁলোকে সমগ্ৰ ৰাজ্যজুৰি স্বাক্ষৰ অভিযান আৰম্ভ কৰিছে। অগপই এই অভিযানত সমগ্ৰ অসমতে ৫০ লাখ স্বাক্ষৰ সংগ্ৰহ কৰাৰ আৰু সেয়া বিতৰ্কিত বিধেয়কখন পুনৰীক্ষণ কৰি থকা যুটীয়া সংসদীয় কমিটীলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে।

অগপৰ ডিব্ৰুগড় জিলাৰ সভাপতি পোনাকণ বৰুৱাই দেওবাৰে কৈছে যে বিপুল সংখ্যক ৰাইজ এই স্বাক্ষৰ অভিযানত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে।

বৰুৱাই কৈছে যে মানুহে দলে বলে যোগদান কৰিবলৈ ওলাই আহিছে। নাগৰিত্ব বিধেয়কখন-২০১৬ৰ বিৰূদ্ধে এতিয়ালৈকে ১২,০০০তকৈও স্বাক্ষৰ প্ৰদান কৰিছে। জিলাখনৰ সকলো স্থানৰে পৰা এই বিধেয়কখনৰ বিৰূদ্ধে মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে বুলি বৰুৱাই কয়। এই অভিযান মে’ মাহৰ ৩০ তাৰিখলৈকে চলি থাকিব বুলি অগপৰ ডিব্ৰুগড় জিলাৰ সভাপতিগৰাকীয়ে জনাইছে।

এই বিধেয়কখন পাছ হৈ আইনত পৰিণত হ’লে ২০১৪ৰ ৩১ ডিচেম্বৰলৈকে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা হিন্দু বাংলাদেশী নাগৰিকক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হ’ব।

উল্লেখ্য যে ধৰ্ম নিৰ্বিশেষে অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চলৈকে অবৈধ নাগৰিক চিনাক্ত কৰাৰ অন্তিম তাৰিখ হ’ব লাগে বুলি ৰাজ্যখনৰ প্ৰধান আঞ্চলিক দল অগপই দাবী কৰি আহিছে।