ডিব্ৰুগড়ৰ আদিত্য হস্পিটেলত প্ৰস্থেটিকছ আৰু অৰ্থ’টিকছ চেণ্টাৰ মুকলি

sarbananda sonowal assam cm

সৰ্বানন্দ সোণোৱাল। ফাইল ছবি।

আজি উজনি অসমৰ এখন লেখত ল’ব লগীয়া ব্যক্তিগত নাৰ্ছিং হ’ম আদিত্য হস্পিটেলত প্ৰস্থেটিকছ আৰু অৰ্থ’টিকছ চেণ্টাৰ মুকলি কৰা হয়। এই চেণ্টাৰটো মুকলি কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই কেন্দ্ৰটোৰ জৰিয়তে দুৰ্ঘটনা, ৰোগ অথবা জন্মগতভাৱে ঘুণীয়া অংগ-প্ৰত্যংগ কৃত্ৰিমভাৱে সংৰোপণ কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব। চেণ্টাৰটো মুকলি কৰি মুখ্য মন্ত্ৰীয়ে কয় যে আদিত্য হস্পিটেলে এইটো এটা মহান প্ৰচেষ্টা লৈছে। তেওঁ চেণ্টাৰটোৰ পৰিচালন সঞ্চালক ডাঃ নিৰ্মল চাহেৱালাক ধন্যবাদ দিয়ে। নিজৰ ভাষণত মুখ্য মন্ত্ৰীয়ে কয় যে এই চেণ্টাৰটোৰ জৰিয়তে অসমৰ লোকে বাহিৰলৈ নোযোৱাকৈয়ে অতি কম খৰচতে অন্য ধৰণে সক্ষম ব্যক্তিসকলে অত্যাধুনিক চিকিৎসা সেৱা লাভ কৰিব। তেওঁ কয় যে দেশৰ ভিতৰতে ডিব্ৰুগড়ে অন্য ধৰণে সক্ষম ব্যক্তিসকলৰ বাবে দক্ষতা বিকাশ কেন্দ্ৰ লাভ কৰিছে। ডিব্ৰুগড়ৰ সকলো স্তৰৰ লোককে অন্য ধৰণে সক্ষম ব্যক্তিসকলৰ বাবে সা-সুবিধা প্ৰদানৰ উদ্যোগ ল’বলৈও আহ্বান জনায় মুখ্য মন্ত্ৰীজনে।

আনহাতে ৰাজ্যখনৰ সৰ্বাংগীণ উন্নতিৰ বাবে ৰাজ্য চৰকাৰখন প্ৰতিশ্ৰুতিবদ্ধ বুলিও কয় মুখ্য মন্ত্ৰী সোণোৱালে। এসময়ত যে ডিব্ৰুগড় জিলা ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক ৰাজহ প্ৰদানকাৰী জিলা আছিল সেই কথাও ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰীজনে কয়। তেওঁ ডিব্ৰুগড় চহৰখনক এখন আধুনিক চহৰ হিচাপে পৰিগণিত কৰাৰ ক্ষেত্ৰত ব্যক্তিগত আৰু চৰকাৰী উদ্যোগৰ সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজন আছে বুলিও কয়।