ডিব্ৰুগড়ৰ লেপেটকতাত ২.৫০ লাখ টকাৰ নকল নোট জব্দ, ১জন আটক

ধৃত ৰাজীৱ বুঢ়াগোহাঁই

ডিব্ৰুগড় আৰু তিনিচুকিয়া আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত কালি নিশা ডিব্ৰুগড়ৰ লেপেটকতাত এজন লোকৰ পৰা ২.৫০ লাখ টকাৰ নকল নোট জব্দ কৰে। অভিযুক্ত লোকজনক শদিয়াৰ চেপাখোৱা গাঁৱৰ ৰাজীৱ বুঢ়াগোহাঁই বুলি চিনাক্ত কৰা হৈছে।

ধৃত বুঢ়াগোহাঁইয়ে এজন লোকক উক্ত নকল টকা সমূহ দিবলৈ গৈ থকাৰ অৱস্থাত নিশা প্ৰায় ৭.১৫ত তেওঁক আটক কৰা হয় বুলি অভিযানটোৰ নেতৃত্ব দিয়া ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজীত সিং পানেছৰে জানিবলৈ দিয়ে। আনহাতে আনজন লোকে আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয়।

জব্দ কৰা নোটসমূহৰ ভিতৰত ৫০০০খন ২০০ টকীয়া নোট, ২০০খন ৫০০ টকীয়া নোট আৰু ২৫খন ২০০০ টকীয়া নোট আছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘অভিযুক্ত লোকজনে তেওঁৰ চক্ৰৰ জৰিয়তে নকল নোটসমূহ বজাৰত প্ৰচালন কৰাৰ চেষ্টা চলোৱাৰ কথা স্বীকাৰ কৰিছে। শীঘ্ৰে আমি চক্ৰটোৰ আনকেইজন সদস্যকো আটক কৰিম।’

এই সংক্ৰান্তত ডিব্ৰুগড় আৰক্ষী থানাত অভিযুক্ত ৰাজীৱ বুঢ়াগোহাঁইৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৮৯(এ) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

আনহাতে জিলা দুখনত নকল  টকাৰ ব্যৱসায়ৰ সৈতে আলফা (স্বা)ৰ কিছু সদস্যও জড়িত হৈ আছে বুলি এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই মন্তব্য কৰে। যোৱা ২১ ফেব্ৰুৱাৰিত ৰাজপুটনা ৰাইফলছে ডিব্ৰুগড়ৰ ৰহমৰিয়াৰ পৰা ১ লাখ টকাৰ নকল নোটসহ সঞ্জয় দাস নামৰ আলফা (স্বা)ৰ এজন লিংকমেনক আটক কৰিছিল।