ডিব্ৰুগড় জিলাৰ মৰাণৰ শিশুক ধৰ্ষণ আৰু হত্যাত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ

ডিব্ৰুগড় জিলাৰ মৰাণৰ তিলৈনগৰৰ বঙালী গাঁৱৰ এটি ৫ বছৰীয়া কন্যা শিশুক অপৰহণ কৰি ধৰ্ষণ আৰু হত্যা কৰা অভিযুক্তজনক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম হয়। আটকাধীন অভিযুক্তজনক ৰাজেন মাৰ্দি বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

উল্লেখযোগ্য যে অভিযুক্ত ৰাজেন মাৰ্দিয়ে মৰাণৰ তিলৈনগৰৰ পৰা শিশুটিক ২ এপ্ৰিলত অপহৰণ কৰিছিল।

আনহাতে অপৰহণ কাণ্ড সংঘটিত হোৱাৰ পিছতে বঙালী গাঁৱৰে ৰাজেন মাৰ্দিয়ে শিশুটিক অপহৰণ কৰা বুলি পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত শিশুটিক উদ্ধাৰৰ বাবে অনুসন্ধান চলাইছিল যদিও ৭ এপ্ৰিলত শিশুটিৰ অৰ্ধগলিত মৃতদেহ তিলৈ নৈত উদ্ধাৰ হৈছিল।

ইফালে শিশুটিৰ মৃতদেহ উদ্ধাৰৰ পিছত হত্যাকাণ্ড সংঘটিত কৰা অভিযুক্তক আটক কৰিবলৈ মৰাণ আৰক্ষী সক্ষম হোৱা নাছিল।

স্থানীয় লোকে এই ক্ষেত্ৰত আৰক্ষী চূড়ান্তভাৱে বিফল হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল। যাৰ পৰিণতিতে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি ফুকনক নিলম্বন কৰিছিল ডিব্ৰুগড় জিলা আৰক্ষীয়ে।