ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিজ্ঞানৰ গৱেষণাৰ বাবে পূঁজি গঠন বিশিষ্ট বিজ্ঞানীৰ

Anil Kumar

অধ্যাপক অনিল কুমাৰে দান কৰা ৫০,০০০ টকাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত  বিজ্ঞানৰ গৱেষণাৰ বাবে এটা পূঁজি গঠন কৰা হৈছে।, এফ এন এ, এফ এ এছচি, এফ এন এছচি, হামবল্ট (Humboldt) ফেল’ অধ্যাপক অনিল কুমাৰ নেশ্যনেল  কেমিকেল লেবৰেটৰীৰ সঞ্চালক আছিল। বৰ্তমান তেখেত পুনেৰ ইণ্ডিয়ান নেশ্যনেল ছায়েন্স  একাডেমিত  জগদীশ চন্দ্ৰ বোস  নেশ্যনেল ফেল’ হিচাপে  কৰ্মৰত।

এগৰাকী প্ৰখ্যাত বিজ্ঞানী অনিল কুমাৰে এই  পূঁজি উপহাৰৰ ঘোষণা কৰা অনুষ্ঠানটোত মন্তব্য কৰি কয় যে প্ৰতি বছৰ বিজ্ঞান দিৱসৰ সৈতে সংগতি ৰাখি বিজ্ঞানৰ ক্ষেত্ৰত প্ৰদর্শন কৰা সৰ্বোত্তম নমুনাৰ বাবে এগৰাকী ছাত্ৰ আৰু এগৰাকী ছাত্ৰীক ২,৫০০ টকা আগবঢ়োৱা হ’ব। অসমত বিজ্ঞান গৱেষণাক উৎসাহ দিয়াত ইয়ে যথেষ্ট সহায়ক হ’ব। উঠি অহা ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ বাবে তথা এটা প্ৰতিযোগিতামূলক মনোভাৱ আৰু সাধনাৰ বাবে অনুকুল পৰিৱ্শ সৃষ্টি কৰাত এনেধৰণৰ পদক্ষেপে যথেষ্ট উদ্দীপকৰ কাম কৰে।.

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অলক কুমাৰ বুঢ়াগোহাঞিয়ে অধ্যাপক অনিল কুমাৰক উষ্ম আদৰণি জনায় আৰু বিজ্ঞানৰ গৱেষণাৰ দিশত উৎসাহ যোগোৱাৰ বাবে বিশ্ববিদ্যালয়খনৰ তৰফৰ তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰে।

বিশিষ্ট বিজ্ঞানীগৰাকীৰ অৰ্থেৰে গঢ়ি উঠা এই পূঁজিয়ে বিজ্ঞানৰ সাধনাৰ প্ৰতি আজিৰ ছাত্ৰ-ছাত্ৰীৰ মন আকৰ্ষিত কৰি তুলিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।