NORTHEAST NOW (Assamese)

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰ এছ এছ আৰু মুখ্য মন্ত্ৰীৰ প্ৰৱেশ নিষিদ্ধ কৰিলে ছাত্ৰ সমাজে

May 15, 2018 11:25 pm · অভিক চক্ৰবৰ্তী
ফ'টো ফে'চবুকৰ পৰা সংগৃহীত

জাতিধ্ৱংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ জৰিয়তে অসমলৈ হিন্দু বাংলাদেশী আনিব খোজা বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি গৰজি উঠে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আহ্বান মৰ্মে আজি সন্ধিয়া বিধেয়ক বিৰোধিতাৰে বিশ্ববিদ্যালয় চৌহদৰ পৰা নগৰখনৰ মুল পথৰ মাজেৰে এক বিশাল জোঁৰ সমদলত উলিওৱা হয়।

দবা-তালৰ শব্দেৰে উত্তাল এই প্ৰতিবাদত অংশ লোৱা প্ৰতিবাদী ছাত্ৰ সমাজে মুখ্য মন্ত্ৰী সোণোৱালকে ধৰি বিজেপি, আৰ এচ এচৰ  বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰে।

ছা্ত্ৰ-ছাত্ৰী সকলে, ‘সৰ্বা তোমাৰ কাম নাই’, ‘বিজেপি চৰকাৰ কাম নাই’, ‘আৰ এছ এছ গ’ বেক’, আদি বিভিন্ন শ্লোগান দিয়াৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা আৰু নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ডেভিদ হাজৰিকাই কয়, ‘অসমৰ জনসাধাৰণৰ স্বাৰ্থ বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়কৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব খোজা কাৰ্যৰ আমি তীব্ৰ গৰিহণা দিছো।’

উল্লেখযোগ্য যে প্ৰতিবাদৰ অংশ স্বৰূপে বিশ্ববিদ্যালয়খনৰ ৪ গৰাকী ছাত্ৰই মুণ্ডন কৰে।

আজিৰ এই প্ৰতিবাদী জোঁৰ সমদলৰ প্ৰতি ডিব্ৰুগড় জিলা আছু, আটাছু, বৰপথাৰৰ সমূহ দল-সংগঠন তথা সাধাৰণ ৰাইজে ব্যাপক সঁহাৰি জনায়।

Related News