ডিমাপুৰৰ পৰা এজন ব্যৱসায়ীক অপহৰণ কৰাৰ অপৰাধত ডিমাপুৰ আৰক্ষীয়ে দুজন লোকক আটক কৰিছে।
টোকি আচুমি(২৩) আৰু খেটোহো জাখালু(২৩) নামৰ আটকাধীন লোকদুজন এন এছ চি এন (আই এম)ৰ সদস্য বুলি ডিমাপুৰ আৰক্ষীৰ জন সম্পৰ্কৰক্ষী বিষয়াৰ দ্বাৰা জাৰি কৰা এক প্ৰেছ বিবৃতিত জনোৱা হৈছে। দুয়োজনে বৰ্তমান এন এছ চি এন (আই এম)ৰ অপৰাধ কোষৰ সচিব খেকুটো জাখালুৰ সৈতে ঘনিষ্ঠ বুলি জানিব পৰা গৈছে।
প্ৰেছ বিবৃতিত জনোৱা মতে, অমৰ এজেন্সী(পোছাকৰ দোকান)ৰ স্বত্তাধিকাৰী সুভাষ কুমাৰ জৈন(৪৫) নামৰ ব্যৱসায়ীজনক ডিমাপুৰৰ এম পি ৰ’ডত থকা নিজ দোকানৰ পৰা কোনো অজ্ঞাত দুৰ্বৃত্তই ১৯ জানুৱাৰিৰ আবেলি ২ বজাত অপহৰণ কৰি নিছিল।
পিছত আৰক্ষীয়ে অনুসন্ধান কৰি শনিবাৰে আবেলি ৫ বজাত আউমিটি গাৱঁৰ পৰা অপহৰণ কাণ্ডত ব্যৱহৃত এ এছ ০১-৯৩৫৩ নম্বৰৰ মাৰুটি চুইফট গাড়ীখনৰ সৈতে এন এছ চি এন (আই এম)ৰ কেদাৰ দুজনক আটক কৰে।
দুয়োজন অভিযুক্তক জব্দ কৰা গাড়ীখনৰ সৈতে পূব আৰক্ষী চকীত হাজিৰ কৰোৱা হয়।
বিবৃতিটোত লগতে কোৱা হৈছে যে, অপহৰণকাৰী দুজনে অপহৃত সুভাষ কুমাৰ জৈনক পুৰণা বজাৰ এলেকাত মুকলি কৰি দিছে বুলি জানিব দিয়ে। ঘটনাটো সম্পৰ্কত পূব আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰি পৰৱৰ্তী অনুসন্ধান আৰম্ভ কৰা হৈছে।