ডিমৌত আৰক্ষী আৰু আৱকাৰী বিভাগৰ সন্মুখতে লালিগুৰৰ ৰমৰমীয়া ব্যৱসায়

লালিগুৰৰ

শিৱসাগৰ জিলাৰ ডিমৌত আৰক্ষী আৰু আবকাৰী বিভাগৰ সহযোগতে লালিগুৰৰ এক ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰাপ্ত তথ্য মতে আৰক্ষী আৰু আবকাৰী বিভাগক মেনেজ কৰি ডিমৌৰ এখন হোটেলৰ স্বত্বাধিকাৰীয়ে চলাই আহিছে অবৈধ ভাবে চুলাই প্ৰস্তুত কৰা লালিগুৰৰ বেহা।

জানিব পৰা মতে ডিমৌৰ দিহাজানত অৱস্থিত এখন গেলামল দোকানৰ পৰাই লালিগুৰ ডিমৌৰ লগতে ওচৰৰ চাহ বাগিছা অধ্যুষিত অঞ্চল আৰু ডিমৌৰ অন্তৰ্গত কেন্দুগুৰি, শুকানপুখুৰী, নহাত, মহাৰাণী গাঁও পঞ্চায়তৰ বিভিন্ন গাঁওত চুলাই মদৰ অবৈধ বেহা চলাই থকাত সহায় কৰিছে।

ফলত ডিমৌৰ সচেতন ৰাইজে উক্ত লালিগুৰ সৰবৰাহকাৰীজনৰ বিৰুদ্ধে যথাযথ প্ৰমাণ উলিয়াই উচিত ব্যৱস্থা ল’বৰ বাবে জিলা প্ৰশাসনক আহ্বান জনাইছে।

তাৰোপৰি বকতা নেমুগুৰি থানাৰ অন্তৰ্গত বকছা চানবেচা , জুটলিটিং, চুমনিবস্তি, ম’হখুটি আদি লাইনত আৰক্ষী আৰু আবকাৰী বিভাগৰ সন্মুখতে অবৈধ ব্যৱসায়ী সকলে সুৰা নিৰ্মাণ কৰা কেইবাটাও কাৰখানা গঢ়ি তুলিছে। উক্ত কাৰখানাৰ পৰাই বকতা মৌজাৰ বিভিন্ন অঞ্চললৈ দেশীয় সুৰা সৰবৰাহ হৈ আহিছে। এই বিষয়ে বকতা নেমুগুৰি আৰক্ষী আৰু আবকাৰী বিভাগ জ্ঞাত যদিও ব্যৱসায়ী সকলৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আনহাতে অসম চাহ জনজাতি ছাত্র সন্থা ডিমৌ শাখাই শীঘ্ৰে আৰক্ষী আৰু আবকাৰী বিভাগক এই অবৈধ চুলাই ঘাটি উচ্ছেদ কৰিবলৈ দাবী জনাইছে।