ডিমৌৰ আহোম ৰাজত্বৰ ঐতিহাসিক ডিমৌ পুখুৰী উদ্ধাৰত ব্যৰ্থ চৰকাৰ প্ৰশাসন

CYMERA_20180208_225536

শিৱসাগৰ জিলাৰ ডিমৌত অৱস্থিত আহোম ৰাজত্বকালৰ ঐতিহাসিক ডিমৌ পুখুৰী উদ্ধাৰ আৰু ডিমৌ জান বেদখলমুক্ত কৰাৰ দাবীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ ডিমৌ নগৰ সমিতিয়ে দীৰ্ঘদিন ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰি অহাৰ পাছতো চৰকাৰ আৰু স্থানীয় প্ৰশাসনে আজি পৰ্যন্ত এই পুখুৰীটো উদ্ধাৰ কৰিব নোৱাৰাত জাঙুৰ খাই উঠিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিমৌ নগৰ সমিতি।

উল্লেখ‍্য যে যোৱাবছৰ ১২ ফেব্ৰুৱাৰীত ভাৰপ্ৰাপ্ত ৰাজহচক্ৰ বিষয়া তথা শিৱসাগৰ অতিৰিক্ত উপায়ুক্ত মুন গগৈৰ আমন্ত্ৰণত মাটিৰ পট্টাদাৰ, যুৱ মঞ্চৰ প্ৰতিনিধি আৰু প্ৰশাসনৰ মাজত অনুষ্ঠিত আলোচনা মৰ্মে বহু পট্টাদাৰে ডিমৌ পুখুৰী উদ্ধাৰৰ স্বাৰ্থত মাটি দখল এৰি দি পুখুৰীটো উদ্ধাৰত সহযোগিতা কৰাৰ কথা অৱগত কৰাত প্ৰশাসনৰ পৰা যাৱতীয়া ব‍্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াত যুৱ মঞ্চই প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখিছিল।

যোৱা ৭ ফেব্ৰুৱাৰী ২০১৮ তাৰিখে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত যুৱ মঞ্চৰ ডিমৌ নগৰ সমিতিৰ সভাপতি যদুমনি কলিতা, সচিব দীপ কোঁৱৰে এক প্ৰেছ বিবৃতিযোগে জনায় যে যি সময়ত চৰকাৰে অসমত অবৈধ বেদখলকাৰী উচ্ছেদৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে সেইসময়তে ঐতিহাসিক ডিমৌ পুখুৰীটো উদ্ধাৰৰ ক্ষেত্ৰত প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ নকৰাতো অতি দুখৰ কথা।

সেয়ে যুৱ মঞ্চই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে পুনৰ ঐতিহাসিক ডিমৌ পুখুৰী উদ্ধাৰৰ দাবীত অহা ১২ ফেব্ৰুৱাৰীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ দুঘন্টাৰ বাবে অৱৰোধ কৰাৰ হুংকাৰ দিছে।

ইয়াৰ পাছতো প্ৰশাসনে উদ্ধাৰৰ ক্ষেত্ৰত কোনোধৰণৰ ব‍্যৱস্থা গ্ৰহণ নকৰিলে আৰু কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।