ডিমৌ ৰাইচাই আদৰ্শ চিকিৎসালয়ত মহকুমা স্বাস্থ্য বিষয়াৰ অভিযান

মহকুমা স্বাস্থ্য বিষয়াই আজি তাই আহোম ছাত্ৰ সন্থা আৰু ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ৰাজহুৱা অভিযোগৰ ভিত্তিত ডিমো ৰাইচাই আদৰ্শ চিকিৎসালয়খনত এক অভিযান চলায়।
উল্লেখযোগ্য যে আজি কিছু দিনৰ আগতে নিশা ৰোগীয়ে চিকিৎসালয়খনত চিকিৎসক বিচাৰি নাপাই প্ৰতিবাদ সাব্যস্ত কৰাৰ সন্দৰ্ভত নৰ্থ ইষ্ট নাওত বাতৰি পৰিৱেশন হোৱাৰ পিছতেই আজি সংগঠন দুটাই চিকিৎসালয়খনত অভিযান চলায়।
আছুৰ ডিমৌ সভাপতি দীপাংকৰ প্ৰতীম চেতিয়া, আটাছু ডিমৌৰ সম্পাদক চাও সুমিত সন্দিকৈ আৰু মহকুমা স্বাস্থ্য বিষয়াৰ উপস্থিতিত চলোৱা অভিযানত চিকিৎসালয়খনৰ একাংশ কৰ্মচাৰী সময়মতে উপস্থিত নোহৱাটো ধৰা পৰে। ফলত পলমকৈ অহা  ৫ জনকৈ চিকিৎসাকৰ্মীৰ এদিনৰ দৰমহা কৰ্তন কৰা হয় বুলি জানিব পৰা গৈছে।
এদিনৰ দৰমহা কৰ্তন কৰা চিকিৎসাকৰ্মী সকল হ’ল পাৰ্থ প্ৰতিম বৰুৱা, ভেলেণ্টিনা শইকীয়া, অনন্ত হাজৰিকা, দিপক গগৈ, জগত খনিকৰ, শিখামনি বৰগোঁহাই।
ইফালে ৰাইজৰ সেৱাৰ বাবে নিয়োজিত হৈ ৰাজকীয় ভাৱে মনে বিচৰা সময়ত চিকিৎসালয় খনত উপস্থিত হোৱা কৰ্মীসকলৰ ওপৰত লোৱা এনে পদক্ষেপক ডিমৌৰ সচেতন মহলে প্ৰশংসা কৰিছে।